ডিজিটেল ডেস্কঃ অপৰাধীলৈ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ মঙলবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধন। পল্টন বজাৰ ষ্টেচনত জব্দ কৰা হৈছে ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬০০ টকা। ৰে’ল আৰক্ষীৰ অভিযানত মঙলবাৰে পুৱা জব্দ হয় টকাখিনি।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, তিনিজন যুৱকে তিনিটা বেগত লৈ আনিছিল টকাখিনি। টকাখিনি সোমবাৰে অৰুণাচলৰ পৰা অভিষেক শৰ্মা নামৰ লোকজনে লৈ আনিছিল বুলি জানিব পৰা গৈছে। বাকী দুজন লোকে পূৰ্বৰে পৰা পল্টন বজাৰৰ আশে পাশে হোটেলত বাস কৰি আছিল।
টকাখিনি কিয় কাক দিবলৈ ক’ৰ পৰা কেনেদৰে আনিছিল তাৰ প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই। তিনিওজনৰ বিৰুদ্ধে GRP 20/2022 IPC 120B/417/420/379/34 নম্বৰত ৰুজু হৈছে গোচৰ। আটক হোৱা লোককেইজন হৈছে উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ।