1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

ঘৰৰ পশ্চিম দিশত পাকঘৰ থাকিব নালাগেঃ কিয়, জানি লওঁক…

  • Update Time : Thursday, February 9, 2023

ডিজিটেল ডেস্কঃ জীৱনত কেৱল কষ্ট কৰিলেই উন্নতি নহয়। তাৰ বাহিৰেও অন্য কিছু নিয়ম আছে যি নিয়ম আপুনি সুচাৰুৰূপে পালন কৰিলে আপোনাৰ জীৱনলৈ উন্নতিৰ লগতে সোত ব’ব সুখ আৰু শান্তিৰ। স্তু শাস্ত্ৰত দিশৰ অতি গুৰুত্বপূৰ্ণ স্থান আছে। ঘৰত ৰখা সকলো বস্তু বাস্তু শাস্ত্ৰ অনুযায়ী ৰাখিব লাগে। যদি কোনো বস্তু ভুল দিশত ৰখা হয় তেন্তে তাৰ নেতিবাচক ফল দেখা যায়।

এতিয়া জানি লওঁক সুখ-শান্তি আৰু উন্নতিৰ বাবে আপোনাৰ ঘৰখনত বস্তুবোৰ কেনেকৈ ৰাখিব লাগে। বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও পশ্চিম দিশলৈ মূৰ লৈ শুব নালাগে। এই দিশত মূৰটো ৰাখি শুই থাকিলে মানসিক চাপ পৰে আৰু ৰোগবোৰো বৃদ্ধি হয়। ঘৰৰ পশ্চিম দিশত পাকঘৰ থকাটো অশুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে পশ্চিম দিশত যদি পাকঘৰ থাকে, তেন্তে সদায় আৰ্থিক সমস্যাই থাকিব।

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ ঢাল পশ্চিম দিশত হ’ব নালাগে, তাৰ অৰ্থ হ’ল পশ্চিমৰ মজিয়াখন আন ঠাইতকৈ অলপ ওখ হ’ব লাগে। ঘৰৰ পানী পশ্চিম দিশলৈ যাব নালাগে। এনে হ’লে ঘৰৰ কোনোবা সদস্যই দীৰ্ঘদিনীয়া বেমাৰৰ সৈতে যুঁজিবলগীয়া হয়।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme