1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:56 am

তৰুণ গগৈলৈ পদ্মভূষণঃ পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসমৰ ৮ব্যক্তি কোন কোন

  • Update Time : Tuesday, November 9, 2021

ডিজিটেল ডেস্কঃ পদ্ম সন্মান। দেশৰ সৰ্বোচ্চ অসামৰিক পদ্ম সন্মান এইবাৰ প্ৰদান কৰা হয় দেশৰ ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট লোকক। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে এই বটাঁসমূহ। এইবেলি  ৭গৰাকীলৈ পদ্মবিভূষণ, ১০গৰাকীলৈ পদ্মভূষণ আৰু ১০২গৰাকীলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

এইবাৰ অসমৰো কেইবাগৰাকী বিশিষ্ট লোকক প্ৰদান কৰা হৈছে পদ্ম সন্মান। মৰণোত্তৰভাৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণৰ লগতে ইমৰান শ্বাহ, দুলাল মাঙ্কি, ৰমেন শৰ্মা, বীৰুৱালা ৰাভা, মংগল সিং হাজোৱাৰী, গোপীৰাম বৰগায়ন, বিজয়া চক্ৰৱতী আৰু লখিমী বৰুৱালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ৰাজনীতিৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰভাৱে তৰুণ গগৈলৈ পদ্মভূষণ আৰু বিজেপি নেত্ৰী তথা প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱতীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।  এইবেলি পদ্ম সন্মান লাভ কৰা আটাইকেইগৰাকী ব্যক্তিকে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme