ডিজিটেল ডেস্কঃ মগজু আৰু নিজৰ ব্যক্তিত্ব সন্দৰ্ভত জানিবৰ বাবে Optical Illusions হৈছে এক ভাল পন্থা। এখন ছবি চোৱাৰ দৃষ্টিভংগীৰ ওপৰত মানুহৰ ব্যক্তিত্ব সন্দৰ্ভত কোৱাটো ইমান সহজ নহয় যদিও এনে পন্থাৰ জৰিয়তে এজন ব্যক্তিৰ কিছু গুণৰ সন্দৰ্ভত অৱগত হব পাৰি। তেনে এখন ফটো হৈছে তলৰ এইখন ফটো। এই ফটোখন অংকন কৰিছে বিখ্যাত চিত্ৰকৰ Octavia Ocampoয়ে। ছবিখন চাওক ভালকৈ ১০চেকেণ্ড চাওক, প্ৰথমে আপুনি কি দেখিছে।
যদিহে ওপৰৰ ফটোখনত আপুনি প্ৰথমে আপোনাৰ চকুত চৰাই ধৰা দিছে তেন্তে আপুনি হৈছে এগৰাকী সাহসী ব্যক্তি। আপোনাৰ উচ্চকাংশা আছে। এনে গুণৰ বাবে আপোনাক কেতিয়াবা অসংবেদনশীল যেন লাগিলেও আপুনি ভিতৰৰ পৰা এগৰাকী সাহসী ব্যক্তি। যদিহে ফটোখনত আপুনি মহিলাগৰাকীৰ ওঠৰ চৰাইটো দেখিছে তেন্তে আপুনি শান্ত প্ৰকৃতিৰ ব্যক্তিৰ লগতে সামাজিক।
যদিহে ফটোখনত প্ৰথমে আপোনাৰ মহিলাৰ ফটোখন চকুত পৰিছে তেন্তে আপুনি সমাজৰ বস্তুবোৰ অইন ব্যক্তিতকৈ কিছু পৃথককৈ চায়। আপুনি মানুহৰ কেয়াৰ কৰাৰ লগতে সংবেদশীল ব্যক্তিত্বৰ অধিকাৰী। আপুনি এগৰাকী উতসাহ দিব পৰা ব্যক্তিত্বৰ অধিকাৰী। জীৱনত কৰা প্ৰায় প্ৰতিটো কামেই আপুনি সফলতাপূৰ্বক সমাপন কৰে।
আৰু যদিহে ফটোখনত আপুনি ঘোৰাৰ ফটো প্ৰথমে দেখিছে তেন্তে আপুনি এজন ভিতৰি অতি কোমল আৰু বাহিৰত কঠোৰ প্ৰদৰ্শন কৰা ব্যক্তি। ভিতৰি ভিতৰি আপুনি এজন আৱেগিক ব্যক্তি। আপোনাৰ মনত আছে এক প্ৰেৰণাদায়ক শক্তি। সহজ-সৰল ব্যক্তিত্বৰ অধিকাৰী আপুনি।