1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 2:40 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

এটা আইডিয়াই সলনি কৰিলে জীৱনঃ ১৫বছৰীয়া তিলকে বছৰি উপাৰ্জন কৰে ১০০কোটি…

  • Update Time : Sunday, March 13, 2022

ডিজিটেল ডেস্কঃ  এজন ১৫ বছৰীয়া কিশোৰ। নাম তিলক মেহতা।  বয়স কম, কিন্তু তিলকৰ চিন্তা-চৰ্চা ডাঙৰ। তিলকৰ চিন্তাধাৰাৰ প্ৰতি মুগ্ধ হৈ আৰু তেওঁৰ কথা শুনি বেংকৰ মেনেজাৰেও এৰি দিছিল চাকৰি। মুম্বাইত তিলকৰ জন্ম। অষ্টমমান শ্ৰেণীত পঢ়া তিলকৰ দেউতাকে মুম্বাইৰে এটা অফিচত কৰ্মৰত। ৰাতি-দিন একাকাৰ কৰি তিলকৰ দেউতাকে কাম কৰা কথাতো গোপনে লক্ষ্য কৰিছিল তিলকে। কিন্তু এদিন তিলকৰ ঘৰত সংঘটিত হল এটা ঘটনা। চন ২০১৮, তিলকৰ বছেৰেকীয়া পৰীক্ষা কাষ চাপিছিল।

পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কিতাপ সময়ৰ অভাৱত কিনি দিব পৰা নাছিল দেউতাকে। দিনটো কষ্ট কৰি উভতা দেউতাকক কোনো হেচাঁ দিব খোজাও নাছিল তিলকে। এনে অৱস্থাৰ মাজতে তিলকৰ মনলৈ আহিল এটা বিশেষ আইডিয়া। উদ্যমী মনৰ গৰাকী তিলকে মুম্বাইৰ ভিতৰৰে সকলো স্থানলৈ ২৪ ঘন্টাই সঠিক সময়ত কিতাপৰ লগতে বিভিন্ন পাৰ্চেল ডেলিভাৰী দিয়াৰ কথা ভাৱিলে। সৰু লৰা, এনে সময়ত এইবোৰ কথাক বহুতে গুৰুত্ব নিদিয়ে। কিন্তু তিলকে এই কথা গৈ কলে সেই অঞ্চলৰে এজন বেংক বিষয়াৰ আগত। কেৱল কোৱাই নহয়, প্ৰতিষ্ঠানটো কেনেদৰে আৰম্ভ কৰি, কি কৌশলেৰে আগবঢ়াই নিয়া হব সেই সন্দৰ্ভত বহু আইডিয়াও বিৱৰি কলে। তিলকৰ কথা শুনি বেংক বিষয়াজন এনেদৰে মুগ্ধ হল যে, তেওঁ বাদ দিলে বেংকৰ চাকৰি।

বেংকৰ চাকৰি বাদ দি বেংক বিষয়াজনে তিলকৰ সৈতে আৰম্ভ কৰিলে নতুন ব্যৱসায়। মায়া নগৰী মুম্বাইত খোলা হল এটা পাৰ্চেল ডেলিভাৰী প্ৰতিষ্ঠান, নাম দিলে পেপাৰ এণ্ড পাৰ্চেল। অতি কমসময়ৰ ভিতৰতে তিলকে দখল কৰিলে মুম্বাইৰ পাৰ্চেল নেটৰ্ৱক। এইক্ষেত্ৰত দিহা-পৰামৰ্শদাতা হিচাপে প্ৰতি মুহূৰ্ততে তিলকৰ লগত থকা বেংক বিষয়া ঘনশ্যাম পাৰেশক নিযুক্তি দিয়া হল পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া হিচাপে। সঠিক সময়ত সকলো পাৰ্চেল সঠিক স্থানত পঠিওৱাৰ বাবে তিলক এণ্ড কোম্পানীয়ে সহায় ললে মুম্বাইৰ টিফিন ডেলিভাৰী দিয়াসকলৰ। ঘনশ্যাম পাৰেশ আৰু তিলকৰ নেতৃত্বত লাহে লাহে অধিক সবল হৈ উঠিল পেপাৰ এণ্ড পাৰ্চেল কোম্পানী।

ইয়াৰ পাছতে পেপাৰ এণ্ড পাৰ্চেল নামত আহিল এটা মোবাইল এপ। এই এপটোৰ জৰিয়তে মুম্বাই চহৰৰ সকলো লোকে নিধাৰিত সময়ত পাৰ্চেলটোৰ বাবে বুকিং কৰিব পাৰে আৰু এপটোৰ জৰিয়তে পাৰ্চেলৰ বাবদ আদায় কৰিবলগীয়া ধনো প্ৰদান কৰিব পাৰে। প্ৰাপ্ত খবৰ অনুসৰি প্ৰতিদিনেই ১২০০ ৰো অধিক পাৰ্চেল ডেলিভাৰী দিয়ে পেপাৰ এণ্ড পাৰ্চেলে। ৩ কেজিতকৈ অধিক ওজনৰ সামগ্ৰী ডেলিভাৰী নকৰে প্ৰতিষ্ঠানটোৱে। প্ৰতিটো পাৰ্চেলৰ বাবদ দুৰত্ব অনুসৰি তেওলোকে লয় ৪০ ৰ পৰা ১৮০ টকা। বৰ্তমান প্ৰতিষ্ঠানটোত আছে ২০০ ৰো অধিক স্থায়ী কৰ্মচাৰী। ইয়াৰোপৰি ৩০০ ৰো অধিক টিফিন ডেলিভাৰী কৰা লোক জড়িত প্ৰতিষ্ঠানটোৰ সৈতে।

পেপাৰ এণ্ড পাৰ্চেলক মুখ্য কাৰ্যবাহী বিষয়া ঘনশ্যাম পাৰেশৰ মতে বৰ্তমান প্ৰতিটো পাৰ্চেলৰ বাবদ যি মূল্য লোৱা হয়, কিছুস্থানৰ বাবে সেয়া যথেষ্ট কম। ইয়াৰোপৰি পাৰ্চেলৰ ওজনৰ ক্ষেত্ৰত কিছুদিনৰ পাছতে পুনৰ বিবেচনা কৰা হব। ৩ কেজিতকৈ এই ওজন বৃদ্ধি কৰা হব বুলিও জনায় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। মুম্বাই চহৰৰ কুৰিয়াৰ ছাৰ্ভিজ ক্ষেত্ৰখনত ২০ শতাংশ বজাৰ দখল কৰা পেপাৰ এণ্ড পাৰ্চেল প্ৰতিষ্ঠানে বছৰি ১০০ কোটি টকা উপাৰ্জনৰ দিশে আগবাঢ়িছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme