1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:18 am

সাৱধান! অমিক্ৰ’ণত আক্ৰান্তৰ সংখ্যা ১০৯লৈ বৃদ্ধি…

  • Update Time : Friday, December 17, 2021

ডিজিটেল ডেস্কঃ দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ১০৯লৈ বৃদ্ধি পাইছে। শুকুৰবাৰে মহাৰাষ্ট্ৰত ৮গৰাকী লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি পোৱাৰ পাছতে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। উল্লেখ  কৰা প্ৰয়োজন যে, মহাৰাষ্ট্ৰত এতিয়ালৈকে ৪৮গৰাকী লোকৰ দেহত ধৰা পৰিছে অমিক্ৰণৰ উপস্থিতি।

ইফালে  অমিক্ৰণ সংক্ৰমণক লৈ শুকুৰবাৰে সংবাদমেলযোগে চিন্তা ব্যক্ত কৰে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে। সকলো ৰাজ্যক সৰ্তক হৈ থাকিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে অমিক্ৰণক সহজভাৱে নলবলৈ কয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। উল্লেখ্য যে, দেশত এতিয়ালৈকে ১৩৬কোটি অধিক কোৰোনা ভেকচিন প্ৰদান কৰা হৈছে বুলিও ঘোষণা কৰে মন্ত্ৰালয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme