1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:38 pm

প্ৰতিদিনে অমিক্ৰনত আক্ৰান্ত হ’ব ১লাখৰ পৰা ১.৫০ লাখ লোক!

  • Update Time : Sunday, December 5, 2021

ডিজিটেল ডেস্কঃ অমিক্ৰনত আক্ৰান্ত সংখ্যা ভাৰতত ২১গৰাকীলৈ বৃদ্ধি পালে৷ ইয়াৰ লগে লগে স্বাস্থ্য বিভাগে সকলো ৰাজ্যলৈ পুনৰ সৰ্তকতা জাৰি কৰিছে৷ ইফালে অসমতো ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন এছ অ পি৷ এনে পৰিস্থিতিৰ মাজতে কানপুৰ আই আই টিৰ অধ্যাপক মণীন্দ্ৰ আগৰৱালৰ মন্তব্যই কপাঁইছে দেশ৷ অধ্যাপকগৰাকীয়ে মত প্ৰকাশ কৰিছে যে, ২০২২ত ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিব অমিক্ৰনে । প্ৰতিদিনে অমিক্ৰনত আক্ৰান্ত হ’ব ১লাখৰ পৰা ১.৫০ লাখ লোক৷

অধ্যাপকগৰাকীয়ে লগতে কয়, পূৰ্বতকৈ অধিক সংক্ৰামক হব এই অমিক্ৰন৷ ২০২২ৰ প্ৰথম ভাগত চৰম স্তৰত থাকিব অমিক্ৰন৷ তেওঁ লগতে উল্লেখ কৰে যে, কৰোনাৰ দ্বিতীয়টো লহৰৰ দৰে ই পৰিস্থিতি সৃষ্টি নকৰিব যদিও চৰম স্তৰত প্ৰতিদিনে অমিক্ৰনত আক্ৰান্ত হ’ব ১লাখৰ পৰা ১.৫০ লাখ লোক৷ অধ্যাপকগৰাকীৰ এই আগজাননীৰ পাছতে এতিয়া সমগ্ৰ দেশত অমিক্ৰনে কি পৰিস্থিতিৰ সৃষ্টি কৰিব তাৰ আভাস পাব পাৰি৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme