ডিজিটেল ডেস্কঃ জেকলিনৰ পিছত প্ৰৱঞ্চক সুকেশৰ সৈতে সম্পৰ্ক থকাৰ লগতে তেওঁৰ সৈতে ধন আদান-প্ৰদান সম্পৰ্কীয় অভিযোগত জড়িত থকাৰ অপৰাধত শলঠেকত মোহময়ী অভিনেত্ৰী নুৰা ফটেহী। অভিনেত্ৰী নুৰা ফটেহীক বৃহস্পতিবাৰে দিল্লী আৰক্ষীয় ৬ঘন্টা সময় জেৰা চলায়। এই সময়চোৱাত আৰক্ষীৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াতো ব্যৰ্থ হয় অভিনেত্ৰীগৰাকী।
উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে জেকলিনকো সোধ-পোচ কৰিছিল আৰক্ষীয়ে। প্ৰৱঞ্চক সুকেশৰ পৰা বহু লাখটকীয়া উপহাৰ লৈছিল নুৰা আৰু জেকলিনে। ইয়াৰ পিছতে ই ডি আৰু দিল্লী আৰক্ষীৰ ৰোষত পৰিছিল দুয়োগৰাকী অভিনেত্ৰী।