ডিজিটেল ডেস্কঃ চুৰেণ চোৰৰ পুতেকত আজলী ছোৱালীজনী, কাদম্বৰীৰ সেই মৰমলগা নাতিনীজনী, দীনবন্ধুত পিতৃৰ একান্তবাধ্য ছোৱালীজনীৰ অভিনয় কৰা নিশিতা গোস্বামীক অসমত চিনি পোৱা লোকৰ সংখ্যা তেনেই নগণ্য। মন, অধিনায়কৰ পৰা আদি কৰি জিলমিল জোনাক, ৰত্মাকৰ আদি অলেখ ছবিত মনপৰশা অভিনয়ে অসমীয়া ছবিজগতত এখন সুকীয়া আসন দখল কৰিছে নিশিতা গোস্বামীয়ে।
আজি( ১৯অক্টোবৰ) নিশিতা গোস্বামীৰ জন্মদিন। ১৯৮২ চনৰ ১৯ অক্টোবৰত অসমৰ গুৱাহাটীত তেখেতৰ জন্ম হয়। তেখেতৰ মাতৃৰ নাম মলয়া গোস্বামী আৰু পিতৃৰ নাম প্ৰদীপ গোস্বামী। মাতৃ মলয়া গোস্বামীয়ো এগৰাকী জনপ্ৰিয় অসমীয়া অভিনেত্ৰী আৰু তেখেতৰ পৰাই নিশিতাই চলচ্চিত্ৰত অভিনয় কৰা সুবিধা পাইছিল।
অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰটো তেখেতে অভিনয় কৰি আহিছে। তেখেতে প্ৰায় ৬ বছৰ বয়সতে ৰাতি ফুলা ফুল ছবিৰ জৰিয়তে অভিনয় জগতত খোজ দিয়ে। তেখেতে বৰ্তমানলৈ বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ বিভিন্ন আলোচনী আদিৰ বেটুপাতত তেখেতৰ চিত্ৰই স্থান লাভ কৰিছে।
নিশিতা গোস্বামীৰ অন্য এটা নাম চিতলী। তেখেতৰ স্বামীৰ নাম হৈছে চয়ন চক্ৰৱৰ্তী
এইগৰাকী অভিনেত্ৰীক আমিও যাচিলো ওপজা দিনৰ ওলগ।