1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:57 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

চেল্যুট নীৰজঃ ১৯বছৰৰ অপেক্ষাৰ অন্ত পেলাই ‘গল্ড মেনে’ ভাৰতক দিলে আন এক উপহাৰ…

  • Update Time : Sunday, July 24, 2022

ডিজিটেল ডেস্কঃ টকিঅ অলিম্পিকত ভাৰতক  সোণৰ পদক উপহাৰ দিয়া গল্ড মেন নীৰজ চোপ্ৰাৰ আন এক সাফল্য। ১৯ বছৰৰ বিৰতিত বিশ্ব চেম্পিয়নশ্বিপত দেশলৈ ৰূপ কঢ়িয়াই আনি ইতিহাস সৃষ্টি কৰিলে নীৰজ চোপ্ৰাই।  চোপ্ৰাই বিশ্ব এথলীট চেম্পিয়নশ্বিপত ৮৮.১৩ মিটাৰ জেভলিন দলিয়াই ৰূপৰ পদক আজুৰি আনে। উল্লেখ কৰি লাগিব যে,  ১৯ টা  বছৰত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে এটাও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু এই  ১৯ বছৰ অপেক্ষাৰ অন্ত পেলাই নীৰজ চোপ্ৰাই ৰূপৰ পদক বিজয়েৰে দেশবাসীৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে,  নীৰজে তেওঁৰ চতুৰ্থ থ্ৰোত ৰূপৰ পদক নিশ্চিত কৰিছিল। নীৰজ চোপ্ৰাই পুৱা প্ৰথম থ্ৰোটো ফাউল কৰিছিল। দ্বিতীয় আৰু তৃতীয় থ্ৰো ক্ৰমান্বয়ে ৮২.৩৯ মিটাৰ আৰু ৮৬.৩৭ মিটাৰত গৈছিল। চতুৰ্থ থ্ৰোত, ভাৰতীয় জেভলিন তাৰকাগৰাকীয়ে ৰূপৰ পদক নিশ্চিত কৰিবলৈ সক্ষম হয়। তেওঁ  ৮৮.১৩ মিটাৰ দূৰত্বতলৈ  জেভলিন দলিয়াই এই পদক লাভ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme