ডিজিটেল ডেস্কঃ সন্দেহ। কাৰোবাৰ সংসাৰ ধ্বংস কৰিবলৈ সন্দেহই যথেষ্ট। এই সন্দেহৰ কাৰনে এখন সংসাৰ ভাঙি থান-বান হব পাৰে। আপুনি জানেনে এগৰাকী পত্নীয়ে স্বামীক কিয় সন্দেহ কৰিবলৈ লয়। ইয়াৰ আঁৰত আছে বিশেষ চাৰিটা কাৰন। জানি লওঁক কি এই কাৰন কেইটা…
১. দুয়োজনৰ মাজত কথা-বতৰা কমকৈ হোৱা…
আপোনাৰ বিয়া হোৱা এমাহ হওঁক বা এবছৰ। পত্নী আৰু স্বামীৰ মাজত সদায়েই মন খুলি কথা পাতিব। যদিহে মন খুলি কথা নাপাতে সম্বন্ধৰ মাজত দুৰত্ব বাঢ়ে। যিকোনো সমস্যা বা যিকোনো বিষয় সমাধানৰ ক্ষেত্ৰত আলোচনাই হৈছে একমাত্ৰ সমাধান। যদিহে এগৰাকী পুৰুষে ব্যস্ত সময়ৰ মাজত নিজৰ পত্নীক কিছু সময় নিদিয়ে তেনেহলে দুয়োৰে মাজত দুৰত্বৰ লগতে সন্দেহ বাঢ়ে।
২. কোনো নাৰীৰ সৈতে বিয়াৰ পিছতো থকা বন্ধুত্ব…
বন্ধুত্ব হৈছে এনে এটা সম্পৰ্ক যি বিয়াৰ পিছতো ধৰি ৰাখিব পৰা যায়। কিন্তু এগৰাকী পুৰুষে বিয়াৰ পিছতো যেতিয়া কোনো নাৰীৰ সৈতে বেছি সম্পৰ্ক বজাই ৰাখে তেতিয়া এগৰাকী নাৰীৰ মাজত সন্দেহৰ অৱতাৰনা হয়। ইয়াৰ বাবে প্ৰয়োজন বিশ্বাসৰ। পত্নীক সেই বিশ্বাস দিব লাগিব যি বিশ্বাসে কেতিয়াও সন্দেহ ভাৱে ঠাই লবলৈ যাতে সুযোগ নাপায়।
৩. কেৱল মোবাইলৰ সৈতে ব্যস্ত থকা…
সকলো পত্নীয়ে ভাৱে যেতিয়া এগৰাকী স্বামী ঘৰলৈ আহে সেই সময়খিনি কেৱল তেওঁকে দিয়ক। স্বামীৰ সৈতে কোৱালিটী টাইম কটাবলৈ বিচাৰে এগৰাকী পত্নীয়ে। যেতিয়া এই সময়খিনি এগৰাকী স্বামীয়ে পত্নীক নিদি কেৱল মাত্ৰ ফোনতে ব্যস্ত হৈ থাকে তেতিয়া পত্নীৰ মাজত সন্দেহ ভাৱ উদয় হয়।
৪. পুৰণি প্ৰেমিক-প্ৰেমিকাক পাহৰি যাব নোৱাৰা…
মানুহৰ জীৱনত বহু মানুহ আহিব পাৰে, প্ৰেমৰ সম্পৰ্ক বহুজনৰ সৈতে হব পাৰে। কিন্তু বিয়াৰ পিছত এনে প্ৰেমক পাহৰি যাব নোৱাৰিলে অশান্তিৰ সৃষ্টি হয়। বিয়াৰ পিছত কেতিয়া এক্সৰ সৈতে কথা পাতিব নালাগে। যদিহে পাতে পত্নীৰ মনত উদয় হব পাৰে সন্দেহৰ।