ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আগতকৈ বেছি সাৱধানে আপুনি গাড়ী-মটৰ চলাবলৈ লওক। কিয়নো যান-বাহন আইন অমান্য কৰিলে আপুনি ভৰিব লাগিব পূৰ্বতকৈ অধিক ফাইন। শেহতীয়া যান-বাহন আইন অনুসৰি এতিয়াৰে পৰা হেলমেট পৰিধান নকৰিলে পূৰ্বৰ ৫০০টকাৰ ঠাইত আপুনি ভৰিব লাগিব ৫হাজাৰ টকা।
ঠিক তেনেদৰে, চিটবেল্ট পৰিধান নকৰিলে পূৰ্বৰ ৩০০টকা সলনি ভৰিব লাগিব ১০০০টকা। যান-বাহন চলাই থকা অৱস্থাত মোবাইল ব্যৱহাৰ কৰিলে পূৰ্বৰ ৫০০টকাৰ সলনি এতিয়া ৫০০০টকা ভৰিব লাগিব যাত্ৰীয়ে।
যদিহে আপোনাৰ লাইচেঞ্চ নাই তেনেহলে আগৰ ৫০০টকা জৰিমনাৰ সলনি এতিয়া ৫হাজাৰ টকা জৰিমনা দিব লাগিব। পলিউশ্যন চাৰ্টিফিকেট নহলেও আপুনি পূৰ্বৰ ১হাজাৰৰ ঠাইত এতিয়া ১০হাজাৰ টকা জৰিমনা দিব লাগিব।
আনহাতে নতুন আইন অনুসৰি, এম্বুলেঞ্চক যদিহে আপুনি বাট এৰি নিদিয়ে তেতিয়া ১০হাজাৰ টকা ফাইন ভৰিব লাগিব।