1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 4:40 pm

বিহুত গা ধুবলৈ মানুহক কেইলোটা পানী লাগে জানেনে?

  • Update Time : Thursday, April 14, 2022

ডিজিটেল ডেস্কঃ How Much Land Does a Man Need? এজন মানুহক কিমান মাটিৰ প্ৰয়োজন? লিও টলষ্টয়ৰ এই সাধুটো নপঢ়া লোক হয়তো খুব কমেইহে ওলাব। তাৰ পিছতো আমি প্ৰতিদিনে কেৱল ইটোৰ পিছত সিটো বস্তু বিচাৰি ফুৰো। এইবাৰ আহিছো কামৰ কথালৈ। কামৰ ক্ষেত্ৰতো সেই একেই কথা। কিন্তু কিছু ব্যতিক্ৰম!

আমি যেতিয়াই কিবা এটা কৰিব বিচাৰো আৰু টান পাও তেতিয়াই তাৰ অজুহাতো বিচাৰি উলিয়াও। কিয়নো কৰো বুলিলেই কাম এটা কৰাতো সহজ কথা নহয়। ডাঙৰ কামৰ কথা বাদেই দিলো! এই ধৰক, ঠাণ্ডাৰ দিনত গা ধোৱাৰ কথা। পুৱাই উঠি গাটো ধুই দিনটোলৈ বুলি ওলাই যাব পাৰিলে মনটো প্ৰসন্ন হৈ থাকে। পিছে বহু প্ৰতিজ্ঞা কৰাৰ পিছতো কোঁৱৰৰ ঠাণ্ডাৰ দিন বাদেই, বৰষুণ দিয়া বিহুৰ বতৰতো গা ধোৱা হৈ নুঠে।

এবাৰ মাকে কোঁৱৰক জোৰকৈ গা ধুবলৈ বাধ্য কৰাত সি কুঁৱাৰ পাৰলৈ গ’ল। মাকে গা ধুবলৈ তাক এক লোটা গৰম পানী দিলে। মাকৰ কথাত কুঁৱাৰ পাৰলৈ গ’লেও কোঁৱৰৰ গা ধুবলৈ মুঠেই মন নাই। অগত্য সি গা ধোৱাৰ পৰা হাত সাৰিবলৈ উপায় চিন্তিবলৈ ধৰিলে।

সি এইবাৰ এবাৰ মাকলৈ, এবাৰ লোটাটোলৈ চাই গাবলৈ লাগিল, ‘এক লোটা পানীৰে কোঁৱৰে গা নোধোৱে, দুইলোটা পানী দিয়া। দুইলোটা পানীৰে কোঁৱৰে গা নোধোৱে তিনি লোটা পানী দিয়া। তিনি লোটা পানীৰে কোঁৱৰে গা নোধোৱে চাৰি লোটা পানী দিয়া। চাৰিলোটা পানীৰে কোঁৱৰে গা নোধোৱে পাঁচলোটা পানী দিয়া…।’ শেষত কোঁৱৰে কেইলোটা পানীৰে বিহুৰ দিনা গা ধোলে আপুনি জানেনে?

কোঁৱৰে কেইলোটা পানীৰে এইবাৰ বিহুত কেনেকৈ গা ধুলে সেই সকলো জনাইছে জনপ্ৰিয় শিল্পী, কৌতুক অভিনেতা মন্মথ বৰুৱাই। ‘ফুলনি মানে বাগিছা, বাগিছা মানে ফুলনি’-ৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ পিছত কৰ’নাই পলাই ফাট মৰা ২০২২-ৰ বিহুত অসমবাসীক হঁহুৱাবলৈ বৰুৱাই নতুনকৈ লৈ আহিছে কোঁৱৰৰ গীত। মুক্তিৰ লগে লগে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা বিশেষ গীতটি শুনিবলৈ ক্লিক কৰক তলৰ লিংকত…

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme