ডিজিটেল ডেস্কঃ “পোনা দা মই দীপালিক বিয়া কৰাব খোজোঁ”।- এদিন এনেকৈয়ে গৈ দিপালী বৰঠাকুৰৰ হাত বিচাৰিছিল আজন্ম প্ৰেমিক নীলপৱনে। দীপালী বৰঠাকুৰৰ ভাতৃয়ে তেওঁৰ কথা শুনি আচৰিত হৈছিল। এই কথাষাৰ কৈয়েই উত্তৰৰ আশাত নীলপৱনে চাই ৰৈছিল ভাতৃ মহেন্দ্ৰ বৰঠাকুৰৰ মুখলৈ।
কি পৰিস্থিতি নীলপৱন বৰুৱাই দিপালী বৰঠাকুৰৰ বিয়াৰ বাবে ঘৰত কবলৈ গৈছিল সেই কথা ভাতৃ মহেন্দ্ৰ বৰঠাকুৰে লিখি থৈ গৈছে। ২১বছৰ বয়সতে দুৰাৰোগ্য ৰোগত পৰি পংগুত্বৰ জীৱন কটোৱা দিপালীৰ হাত বিচাৰি অহা নীলপৱন বৰুৱাৰ সন্দৰ্ভত মহেন্দ্ৰ বৰঠাকুৰে কৈছিল এনেদৰে-
“পোনা দা মই দীপালিক বিয়া কৰাব খোজোঁ”। কথাষাৰ কৈয়েই নীলই মোৰ মুখলৈ চাই আছিল। কেই মুহূৰ্তমান ময়ো চাই ৰৈছিলো নীল আৰু অক’ৰ (অৰ্কেন্দু বৰুৱা) মুখলৈ। দীপালি তেতিয়া আৰু গায়িকা দীপালি হৈ থকা নাছিল। খোজটোও ভালকৈ পেলাব নোৱাৰা অৱস্থা। নীলৰ হাতত তাই তুলিকাডালো তুলি দিব পৰা হৈ থকা নাছিল। মই ক’লো,“ আৱেগেৰে সিদ্ধান্ত নল’বা, আৱেগ শেষ হৈ গ’লে তুমি যদি ‘ভুল কৰিলো’ বুলি নিজৰ কপালক দোষ দিয়া, তেনেহ’লে আমি কষ্ট পাম। তায়ো যদি ভাবিবলগীয়া হ্য় যে তুমি তাইক ‘অনুগ্ৰহ’ কৰিলা, ‘পুতৌ’ কৰিলা, তেনেহ’লে কথাটো মাৰাত্মক হ’ব। আকৌ এবাৰ ভাবি চোৱা। দীপালিৰ মতামতো আমি বিচাৰিব লাগিব”। পিছদিনা সন্ধিয়া নীল আৰু অক’ পুনৰ আহিল আৰু ক’লে, “মই মোৰ সিদ্ধান্তত অটল”।
নীল আৰু দীপালিৰ সংসাৰ হ’ল। নীলপৱনে প্ৰমাণ কৰি দেখুৱালে যে মই আশংকা কৰা ধৰণে নীলপৱন দায়িত্বহীন স্বামী নহয়। বৰং প্ৰতিটো ক্ষণত দীপালিৰ সুখ-দুখৰ প্ৰতি সজাগ। দীপালিয়ে কি দিছে, সেইটো নীলৰ বাবে হিচাবৰ প্ৰয়োজন নাই। সি দীপালিক কি দিব পাৰিছে, সেইটোহে তাৰ বাবে যেন আচল কথা।“