ডিজিটেল ডেস্কঃ অসমীয়া পৰম্পৰাগত খাদ্যক বিশ্ব দৰবাৰত চিনাকি কৰাই মাষ্টাৰ চেফ ইণ্ডিয়াত প্ৰথম বাৰে জয়ৰ খিতাপ অৰ্জন কৰিলে এগৰাকী অসমীয়াই। তেওঁ হৈছে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া। নয়নজ্যোতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰন্ধন-পকৰণ এনে এক আগশাৰীৰ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰাৰ পাছতে চৰ্চালৈ আহিছে এটা বিশেষ বিষয়। বিষয়টো হৈছে এনে এক পৰ্যায় পাব পৰালৈকে নয়নজ্যোতিৰ সমগ্ৰ যাত্ৰা পথ ইমান মসৃণ আছিলনে!
নিশ্চয় নাছিল! অসমৰ দৰে এখন ৰাজ্যত ৰন্ধন-পকৰণ দৰে এটা বিষয়ক প্ৰধান বিষয় হিচাপে লৈ জীৱিকা উলিওৱা বিষয়টো এতিয়াও বহু পিছ পৰি আছে। তেনে ক্ষেত্ৰত নয়নজ্যোতিয়ে যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে এই পৰ্যায়ত উপনীত হৈছে। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি, নয়নজ্যোতিৰ দেউতাকে নয়নে ৰন্ধা-বঢ়া কৰা কথাটো সমৰ্থন কৰা নাছিল। মাষ্টাৰচেফৰ অ’ডিচন দিওঁতেও কৈছিল- যদি জিকি আহিব নোৱাৰ চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিবি।
নয়নজ্যোতিয়ে নিজৰ শোৱা কোঠালীতে ৰন্ধনৰ ন ন পৰিক্ষণ কৰিছিল। আমাৰ দৈনন্দিন খাদ্যভ্যাসক নতুন ধৰণে উপস্থাপন কৰিছিল।
শান্তা শৰ্মাৰ গাঁওত নেটৱৰ্কৰ সমস্যা। গোটেই ঘৰৰ কাম সামৰি আজৰি হৈ অকণমান সময় গোহালিত বহি লয়। কাৰণ ঘৰৰ গোহালিৰ কাষত হে নেটৱৰ্ক পোৱা যায়। তেনেকৈয়ে ইউটিউব চাই বিভিন্ন খাদ্য ৰান্ধিবলৈ শিকে।
বহু প্ৰতিকুলতাৰ মাজতো একাগ্ৰতা, ধৰ্য, সৃজনীশীলতা, ভালপোৱা কামটোৰ প্ৰতি থকা আগ্ৰহে ৰাষ্ট্ৰীয় দৰবাৰত জিলিকি উঠিল। অকল নিজে জিলিকি উঠাই নহয়, অসমীয়া খাদ্য সম্ভাৰক এক বিশ্বমানৰ মাত্ৰা দি আহিল। প্ৰতিটো খাদ্যক অসমীয়া নামেৰে পৰিচিত কৰিলে। মাছৰ টেঙা, হাঁহ-কোমোৰা, আখুনি, পঁইতা ভাত, কঠাল গুটি- বিলাহী পিতিকা, শুকান মাছৰ চাটনি, কেটলি পিঠা আৰু কত কি।
যি খাদ্যভ্যাসৰ বাবে মূলসূঁতিৰ ভাৰতীয়ই সততে উত্তৰ-পূৱক হেয় জ্ঞান কৰে, যি খাদ্যভ্যাসক বহু অসমীয়াও সময়ে সময়ে হেয় চকুৰে চায়, সেই খাদ্য সম্ভাৰক মূল শক্তি হিচাপে লৈ ৰাষ্ট্ৰীয় পেক্ষাপটত নয়ন নিজে জিলিকি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৱক জিলিকাই আহিল।