ডিজিটেল ডেস্কঃ সৰ্বানন্দ সোণোৱালৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত সবলভাৱে খোজ পেলাব বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থা NEWS 18এ এটা খবৰ প্ৰকাশ কৰিছে। এই খবৰটোত না না ঘটনা-পৰিঘটনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ৰাজনীতিত খোজ পেলাব বুলি খবৰ প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা বাতৰিত হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ চৰকাৰ ভংগ কৰি বিজেপিৰ সহযোগিতাত চৰকাৰ গঠন কৰাৰ লগতে উত্তৰ-পূবৰ সকলো ৰাজ্যত তেওঁৰ জনপ্ৰিয়তা প্ৰসংগক মূল বিষয় হিচাপে লৈ সকলো মিলি অচিৰেই তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিত সবল খোজ দিব বুলি আশা ব্যক্ত কৰা হৈছে।
কি পটভূমিত কংগ্ৰেছ এৰি হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰি অসমত বিজেপিৰ ভেটি অধিক মজবুত কৰিলে তাক লৈও খবৰ প্ৰকাশ কৰিছে সংবাদ সংস্থাটোৱে। কিয় আৰু কি পটভূমিত হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিব বুলি ধৰা হৈছে তাৰ পৰিৱেশ পঢ়িব পাৰিব তলৰ লিংকত-