ডিজিটেল ডেস্কঃ মহিলাসকলৰ প্ৰায়সংখ্যকেই ধুনীয়াকৈ নখ ৰখাটো পছন্দ কৰে। কিন্তু বেছিভাগ সময়তে নখ ৰখাৰ ক্ষেত্ৰত এক সমস্যাই দেখা দিয়ে। অলপতেই নখ কেতিয়াবা ভাঙি যায়। যাৰ ফলত দেখিবলৈ আপচু হৈ পৰে। হাতৰ সৌন্দৰ্য সদায় নখৰ ওপৰতেই নিৰ্ভৰ কৰে। নখ নভঙাকৈ ৰখাটো সহজ কথা নহয়। কিন্তু কিছু ঘৰুৱা উপায় গ্ৰহণ কৰিয়েই নখ নভঙাকৈ ৰাখিব পাৰি।
নেমুটেঙাই নখ মজবুত কৰে
নেমুটেঙাত ভিটামিন চি থাকে। ভিটামিন চি-য়ে নখ ভাল ৰখাৰ লগতে নখ দীঘল কৰাতো সহায় কৰে। এটা পাত্ৰত অলপমান নেমুৰ ৰস লৈ কমেও পাঁচ মিনিটমান সময় হাত আৰু ভৰিৰ নখ জুবুৰিয়াই থওক। জুবুৰিয়াই থোৱাৰ পিছত কুহুমীয়া গৰম পানীয়ে ভৰি-হাতৰ নখ ধুই দিব। প্ৰতিদিনে অন্তত এবাৰকৈ এনেদৰে নেমু ৰস নখত লগালে নখ স্বাস্থ্যৱান হয় লগতে বিভিন্ন বীজাণুৰ আক্ৰমণৰ পৰাও হাত সাৰিব পাৰি।
কমলা টেঙা নখৰ বাবে উপকাৰী
কমলাটেঙাত কলাজন থাকে। যি চুলি আৰু নখৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কমলাৰ ৰসে এণ্টি অক্সাইড হিচাপেও কাম কৰে। এই ৰসে নখত থকা মলি তথা বীজাণু আঁতৰোৱাতো সহায় কৰে। দৈনিক কমেও দহ মিনিট সময় যদি কমলাৰ ৰসত নখ জুবুৰিয়াই ৰাখিলে নখ মজবুত হৈ পৰে।
অলিভ অইলৰ ব্যৱহাৰ
ভঙা নখ বা ৰুক্ষ হৈ পৰা নখৰ বাবে অলিভ অইল উপযোগী উপাদান। অলিভ অইলে নখৰ ভিতৰৰ স্তৰত প্ৰৱেশ কৰিব পাৰে। ফলত নখ ভাল কৰাৰ ক্ষেত্ৰত সুফল পাব পাৰি। এই অলিভ অইলে নখৰ ভিতৰত হোৱা ইনফেকশ্ব্যন দুৰ কৰাতো সহায় কৰে। নখৰ গুৰিত তেজৰ সঞ্চালন ভাল কৰাৰ বাবেও অলিভ অইল উপকাৰী। দৈনিক নিশা শোৱাৰ আগতে পাঁচ মিনিট সময় নখৰ গুৰি অলিভ অইলেৰে মালিছ কৰিলে সুফল পোৱা যায়।