ডিজিটেল ডেস্কঃ ড্ৰাগছৰ ৰমৰমীয়া ঘাটিলৈ পৰিণত হোৱা নগাঁৱত এইবাৰ উদ্ধাৰ হৈছে দুটাকৈ বোমা। শুকুৰবাৰে পুৱাৰ ভাগতে উদ্ধাৰ হোৱা এই বোমা দুটাক লৈ এতিয়া আতংকিত সমগ্ৰ নগাঁৱবাসী।
জিলাখনৰ ৰণথলী ৰজাভেটীত এই বোমা দুটা উদ্ধাৰ কৰা হৈছে। আৰক্ষী কিছুসময়ৰ আগতে উক্ত স্থানত উপস্থিত হৈছে যদিও বৰ্তমানেও নিষ্ক্ৰিয় কৰিব পৰা নাই বোমা দুটা।
কৰ পৰা কেনেকৈ এই বোমা দুটা উক্ত স্থান পালেহি তাক লৈও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।