1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 3:30 am

তৰুণ লেখক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ মুনীন বৰকটকী সাহিত্য বঁটা

  • Update Time : Monday, November 15, 2021

ডিজিটেল ডেস্কঃ তৰুণ লেখক, সাংবাদিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২১ বৰ্ষৰ মুনীন্দ্ৰ বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছে। ‘চকী আৰু অন্যান্য গল্প’ গ্ৰন্থৰ বাবে প্ৰদুম্নলৈ আগবঢ়োৱা হৈছে এই বঁটা৷

সু-সাহিত্যিক, সাংবাদিক, সমালোচক প্ৰয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা প্ৰত্যেক বছৰে প্ৰদান কৰা হয় মুনীন বৰকটকী সাহিত্য বঁটা৷

১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা হৈছে মুনীন্দ্ৰ বৰকটকী বঁটা কিন্তু ২০১৫ চনত এই নাম সলনি কৰি মুনীন বৰকটকী সাহিত্য বঁটা কৰা হৈছে৷ নতুন লেখকসকলক উদগনি জনোৱাই এই বঁটাৰ মূল লক্ষ্য৷ বঁটাত আছে ৫০ হেজাৰ টকাৰ চেক, এখন প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme