1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 11:54 am

SBIত অৰাঁ হৈছে জাননীঃ বোৰ্খা পিন্ধা মহিলাৰ প্ৰৱেশ নিষেধ!

  • Update Time : Wednesday, November 10, 2021

ডিজিটেল ডেস্কঃ বোৰ্খা পিন্ধা মহিলা বেংকত প্ৰৱেশ নিষেধ। ষ্টেট বেংকৰ এটা শাখাত ওলমি আছিল এনে নিৰ্দেশ প্ৰদান কৰা এখন জাননী। ইয়াৰ পিছতে চাৰিওফালে লাগিল হুৱা-দুৱা। কিয় বেংক কৰ্তৃপক্ষই এনে জাননী আঁৰিলে সেই প্ৰশ্ন কৰিবলৈও বেংকত উপস্থিত হল কেইবাটাও সংগঠনৰ নেতা-কৰ্মী। সমগ্ৰ দেশতে সংবাদ শিৰোনাম দখল কৰা এই কাণ্ড সংঘটিত হৈছে মুম্বাইৰ নেহৰু নগৰৰ বেংক শাখাত। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, এই শাখাটো থকা সমগ্ৰ অঞ্চল মুছলমান অধ্যুষিত অঞ্চল।

জাননীখনক লৈ হুৱা-দুৱা লগাৰ পাছতে বেংক কৰ্তৃপক্ষই আঁতৰাই দিয়ে জাননীখন। বেংক কৰ্তৃপক্ষই এনেধৰণৰ কাৰ্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজি দুখ প্ৰকাশো কৰে। বেংকে জাননী খন আতৰালেও এতিয়াও অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। স্থানীয় ৰাইজে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে, যোৱা ৩নবেম্বৰতেই এই শাখাটোত ৩টা ভাষাত এই জাননীখন আঁৰি দিয়া হৈছিল।

ইফালে বোৰ্খা নিষিদ্ধ কৰা এই জাননীখন সামাজিক মাধ্যমত ভাইৰেল পৰাৰ লগে লগে নেটিজেন সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ষ্টেট বেংকৰ দৰে বিত্তীয় প্ৰতিষ্ঠানে এনেধৰণৰ ধৰ্মীয় বিষয়ক ইচ্ছ্যু কৰাৰ বাবে বহুতে কটু সমালোচনা কৰিছে। সেয়া যি কি নহলেও, বোৰ্খা পিন্ধা মহিলা বেংকত প্ৰৱেশ নিষেধ কৰি জাননী অৰাঁ মুম্বাইৰ নেহৰু নগৰৰ বেংক শাখাটোৰ প্ৰৱন্ধকৰ লগতে কৰ্মচাৰী সকলক জবাবদিহি কৰিব বুলি ষ্টেট বেংকৰ উৰ্ধতম কৰ্তৃপক্ষই সদৰি কৰিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme