ডিজিটেল ডেস্কঃ নৱবৰ্ষত সন্ত্ৰাসবাদী সংগঠনে মুম্বাইত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে। চোৰাংচোৱা সংস্থাৰ এই তথ্যৰ পাছতে সষ্টম হৈছে মুম্বাই আৰক্ষী। নৱবৰ্ষৰ প্ৰাকক্ষণত এই তথ্য লাভ কৰাৰ পাছতে সকলো আৰক্ষী বিষয়া-জোৱানৰ ছুটী কৰ্তন কৰিছে প্ৰশাসনে। চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি, নৱবৰ্ষৰ বিভিন্ন অনুষ্ঠানত খালিস্তানী সন্ত্ৰাসবাদীয়ে এই পৰিকল্পনা কৰিছে।
মুম্বাইৰ সকলো ৰে’লৱে ষ্টেচনত বৃদ্ধি কৰা হৈছে সুৰক্ষা। ৰেলৱে প্ৰটেকশ্যন এজেন্সীৰ সকলো বিষয়াবৰ্গৰো ছুটী কৰ্তন কৰা হৈছে। হাই এৰ্লাট জাৰি কৰি মুম্বাই আৰক্ষীয়ে ব্যস্ত এলেকাবোৰত সকলোকে সাৱধান হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, বিভিন্ন উৎসৱৰ বতৰ মায়ানগৰী মুম্বাইত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰে সন্ত্ৰাসবাদী সংগঠনে।