1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 2:52 am

ৰাজনীতি আৰু অৰ্থনীতিত MA পাছঃ আম্বানীৰ ঘৰলৈ আহিল সৰু বোৱাৰী ৰাধিকা…PHOTOS

  • Update Time : Thursday, December 29, 2022

ডিজিটেল ডেস্কঃ  আম্বানীৰ ঘৰলৈ আহিল সৰু বোৱাৰী। বৃহস্পতিবাৰে  ৰাধিকা মাৰ্চেণ্টৰ সৈতে মুকেশ আম্বানীৰ সৰু পুত্ৰ আনন্দ আম্বানীৰ বিবাহ সম্পন্ন হয়। ৰাজস্থানৰ শ্ৰীনাথজী মন্দিৰত মন্দিৰত আজি অনুষ্ঠিত হয় ‘ৰোকা’ চেৰিমনী। দুয়োটা পৰিয়ালৰ ঘনিষ্ঠসকলৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় এই বিবাহ অনুষ্ঠান।

May be an image of 1 person, standing and indoor

উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ আম্বানী আৰু ৰাধিকাৰ মাজত দীৰ্ঘদিনীয়া প্ৰেমৰ সৰ্ম্পক। ইফালে ৰোকা চেৰিমনী হৈ যোৱাৰ পাছত দুয়োগৰাকীয়ে কেতিয়ালৈ আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ হব তাক লৈ কোৱো কথা আম্বানী পৰিয়ালে ৰাজহুৱা  কৰা নাই।

May be an image of 1 person and standing

সৰু বোৱাৰী ৰাধিকাৰ পিতৃও এগৰাকী ধনী ব্যৱসায়ী। মুকেশ আম্বানীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক ৰাধিকাৰ পিতৃৰ। ৰাধিকা নিউৰ্য়ক ইউনিভাৰচিটিৰ পৰা ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ।  ইয়াৰ লগতে ৰাধিকা এগৰাকী ক্লাচিকেল ডান্সাৰো।
ইফালে ৰাধিকা আৰু আনন্দৰ বিয়াত কি কি খাদ্য খোৱাব তাক লৈও চলিছে চৰ্চা। ২৫০বিধৰো অধিক ব্যঞ্জনেৰে অতিথিক আপ্যায়ন কৰা হব বুলি চৰ্চা চলিছে। ইতিমধ্যে খাদ্যৰ তালিকাও প্ৰস্তুত কৰিছে আম্বানী পৰিয়ালে।
May be an image of 3 people and people standing

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme