ডিজিটেল ডেস্কঃ কেৱল ধৰ্মীয় প্ৰাৰ্থনা নহ’ব। এতিয়াে পৰা সকলো মাদ্ৰাছাতেই বাধ্যতামূলক হ’ব ৰাষ্ট্ৰীয় সংগীত। ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম জগাই তুলিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰপ্ৰদেশৰ মাদ্ৰাছা বৰ্ডে।বিগত ৫ বছৰ আগলৈকে উত্তৰপ্ৰদেশৰ মাদ্ৰাছাসমূহত স্বাধীনতা দিৱসতো ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হোৱা নাছিল। কিন্তু বৰ্তমান সেই ধাৰা সলনি হৈছে। চৰকাৰী বিদ্যালয়ৰ সমান্তৰালকৈ উত্তৰপ্ৰদেশৰ প্ৰতিখন মাদ্ৰাছাতেই এতিয়া প্ৰতিদিনেই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন বাধ্যতামূলক।
উত্তৰ প্ৰদেশৰ মাদ্ৰাছা বৰ্ডে জনোৱা অনুসৰি, এতিয়াৰে পৰা বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে প্ৰাৰ্থনা কৰাৰ লগতে ৰাষ্ট্ৰীয় সংগীতো পৰিবেশন কৰিব লাগিব। ৰাজ্যখনৰ প্ৰায়সংখ্যক বিদ্যালয়তেই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। কেৱল মাদ্ৰাছাতহে কৰা নহয়। সেয়া বেয়া কথা। দেশপ্ৰেম আমাৰ ছাত্ৰ-ছাত্ৰীৰ মনতো গা কৰি উঠাতো প্ৰয়োজন। ধৰ্মীয় শিক্ষাৰ লগতে ভাৰতবৰ্ষৰ ইতিহাসো ছাত্ৰ-ছাত্ৰীয়ে জনাটো দৰকাৰ। মাদ্ৰাছাই লোৱা এই সিদ্ধান্তক আদৰণি জনাইছে বিজেপি দলটোৱেও।