ডিজিটেল ডেস্কঃ ২০১১ চনত বিশ্বকাপ জয় কৰিছিল ভাৰতীয় ক্ৰিকেট দলটোৱে। ২৮ বছৰ পিছত এদিনীয়া বিশ্বকাপ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল দলটোৱে। দলটোৰ এই বিজয়ৰ সময়খিনিত দলটোৰ অধিনায়ক পদত আছিল মহেন্দ্ৰ সিঙ ধোনী। ধোনীৰ এই কৃতিত্ব দেশৰ ইতিহাসত সোণালী আখৰেৰে চিৰদিন লিখিত থাকিব। ২০১১ চনৰ ২ এপ্ৰিল তাৰিখে শ্ৰী লংকাক ৬ উইকেটত পৰাস্ত কৰি ভাৰতীয় ক্ৰিকেট দলটোৱে জয় কৰিছিল বিশ্বকাপ।
বিশ্বকাপ জয় কৰা বৰ্ষটোত ধোনীয়ে লোৱা বেটখন এতিয়া বিশ্বৰ ভিতৰত সৰ্বাধিক দামী বেট। সেইখন বেটেৰে ধোনীয়ে খেলত ছিক্স কোবাইছিল। লণ্ডনৰ এক নিলাম অনুষ্ঠানত ধোনীৰ বেটখনো নিলামত উঠিছিল। কেইবালাখ লোকে অংশগ্ৰহণ কৰা এই নিলাম অনুষ্ঠানত ধোনীয়ে ছিক্স কোবোৱা বেটখনৰ সৰ্বাধিক দাম উঠিছিল ৮৩ লাখ টকা। কিন্তু শেষল বেটকন নিলা হৈছিল ১০০,০০০ পাউণ্ডত অৰ্থাৎ ভাৰতীয় টকাত ১কোটি ২২লাখ ৫৭হেজাৰ ৬৯৮-ত। ২০১১ চনৰ বিশ্বকাপত ধোনীয়ে ছিক্স কোবোৱা এই বেটখনত ৰিবক’ ৰ ষ্টিকাৰ লগোৱা আছে। বৰ্তমান পৰ্যন্ত সৰ্বাধিক দামত নিলাম হোৱা ক্ৰিকেট বেট হিচাঁপে গীনিজ বুক অৱ ৰেকৰ্ডত ধোনীৰ বেটখনৰ নাম সন্নিবিষ্ট। নিলামৰ পৰা উপাৰ্জিত টকাখিনি ধোনীৰ পত্নী সাক্ষীৰ নামেৰে থকা সাক্ষী ফাউণ্ডেছন নামৰ ট্ৰাষ্টটোক প্ৰদান কৰা হৈছে।
মহেন্দ্ৰ সিঙ ধোনীৰ এই বেটখনক লৈ গীনিজ বুক অৱ ৰেকৰ্ডছৰ অফিচিয়েল ৱেবচাইটত লিখা অনুসৰি, এই ক্ৰিকেট বেটেই কিশ্বৰ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক মুল্যৱান বেট। আৰ কে গ্লৱেল শ্বেয়াৰছ এণ্ড চিকিউৰিটি লিমিটেডে ধোনীৰ বেটকন ক্ৰয় কৰিছে। ভাৰতীয় ক্ৰিকেট টিমৰ মহেন্দ্ৰ সিঙ ধোনীয়েই একমাত্ৰ অধিনায়ক, যাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে ২০০৭ চনত ICC টি-২০ বিশ্বকাপ, ২০১১ ত এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনত ICC চেম্পিয়ন ট্ৰফি জয় কৰিবলৈ সক্ষম হৈছিল।