ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এক সুখবৰ। এইবাৰ আহি আছে জাতীয় বীৰ লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন বিশেষ ছবি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশেষ পদক্ষেপত কেমেৰাত আবদ্ধ হ’ব সেই স্বাভিমানী জাতীয় বীৰ গৰাকীৰ বীৰগাঁথা। ৪০০ বছৰীয়া জন্মজয়ন্তীত বীৰ লাচীতৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ বীৰ লাচিতৰ চলচ্চিএ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে।
ছবিখনত বাহুৱলী ৰুপত প্ৰতিস্থা কৰা হব বীৰ লাচিতক। ইতিমধ্যে প্ৰাচীন পতভূমিত নিৰ্মিত হৈছে বহু কেইখন বিগ বাজেটৰ ছবি। পোন প্ৰথম বাৰৰ বাবে কোনো এখন ৰাজ্য চৰকাৰে কৰিব চলচ্চিত্ৰৰ প্ৰযোজনা। প্ৰায় ৩০০ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব বীৰ লাচিতৰ জীৱনযাত্ৰা। এতিয়া কল্পনা কৰক সেই শিহৰনকাৰী আহোম মোগলৰ যুদ্ধ।
ইতিমধ্যে যোৱা মাহত অসম কেবিনেটত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ যোগ্য যে বিভিন্ন প্ৰান্তৰ বীৰ যোদ্ধা সকলক বিশ্ববাসীয়ে ইতিমধ্যে স্বীকৃতি দিছে ঠিক একেদৰে অসমৰ জাতীয় স্বভিমান লাচিত বৰফুকনক সেই স্বিকৃতি দিয়া হোৱা নাই। অসম চৰকাৰৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নতুন দিল্লীত এক বিশেষ বৈঠক। ভাৰত চৰকাৰত তথ্য আৰু সম্প্ৰসাৰ দপ্তৰৰ প্ৰাক্তন উচ্চ পদস্থ বিষয়া ৰাঘবেন্দ্ৰ সিঙক সৈতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিশেষ আলোচনাও হৈছে। ৰাজ্য চৰকাৰে ইতিম্যে যোগাযোগ কৰিছে BOLLYWOOD ৰ শীৰ্ষ প্ৰযোজক -পৰিচালকক। প্ৰাপ্ত খবৰ অনুসৰি, ইতিমধ্যে যোগাযোগ কৰা হৈছে অক্ষয় কুমাৰ আৰু ৰণবীৰ সিঙক।