ডিজিটেল ডেস্কঃ মাতৃৰ অবৈধ সম্পৰ্কৰ বাবেই প্ৰাণ গল ১৪বছৰীয়া এগৰাকী কিশোৰীৰ। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তামিলনাডুৰ কৌৱত্তৰত। মাতৃৰ সৈতে অবৈধ সম্পৰ্ক ৰখা এগৰাকী লোকে ১৪বছৰীয়া কন্যাক প্ৰথমে ধৰ্ষণ আৰু পিছত ডিঙি চেপি হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
টাইমছ নাওঁত প্ৰকাশিত খবৰ অনুসৰি অভিযুক্ত গৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে ৰাজহুৱা কৰা অনুসৰি অভিযুক্তৰ নাম মুত্তুকুমাৰ আৰু বয়স হৈছে ৪৪বছৰ। প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি প্লাষ্টিকৰ বেগত ভৰাই দলিয়াই দিছিল ১৪বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ।
প্ৰাপ্ত তথ্য অনুসৰি, কিশোৰী গৰাকীৰ মাতৃৰ সৈতে অবৈধ সম্পৰ্ক আছিল লোকজনৰ। বৃহস্পতিবাৰে এই ঘটনা সংঘটি হোৱাৰ পাছতে শেহতীয়াকৈ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে। মৃত কিশোৰীগৰাকীৰ দশম মান শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছিল বুলি মাতৃয়ে সদৰি কৰিছে। ইফালে এই ঘটনাৰ সন্দৰ্ভত মাতৃয়ে এক গোচৰ ৰুজু কৰিছিল। মাতৃকো আৰক্ষীয়ে আটক কৰি বিভিন্ন দিশৰ সন্দৰ্ভত সোধা-পোচা অব্যাহত ৰাখিছে।