ডিজিটেল ডেস্কঃ শীতৰ মাজতে অসমৰ বুকুলৈ নামিল আৰু প্ৰচণ্ড শীত। মৰানত আকম্মিক শিলাবৃষ্টিৰ পাছতে সমগ্ৰ অসমত এতিয়া প্ৰচণ্ড শীত। বতৰ বিজ্ঞান কেন্দ্ৰইয়ো ইতিমধ্যে আগলি বতৰা দিছে যে, আগন্তুক দুদিনলৈ অসমত হব প্ৰৱল বৃষ্টিপাত।
মৰানত শিলাবৃষ্টিৰ পাছতে ছচিয়েল মিডিয়াত দেখা গল এক সকলোৱে আনন্দৰে শ্বেয়াৰ কৰিলে এই শিলাবৃষ্টিৰ ফটো। সকলোৱে কাশ্মীৰ আৰু চুইজাৰলেণ্ডৰ সৈতে তুলনা কৰিলে অসমক। কিন্তু সকলোৱে দেখি থকাৰ ফটোৰ পৰিৱৰ্তে চাওক এই কেইখন ফটো।
শিলাবৃষ্টিয়ে অনিষ্ট সাধন কৰা এই ফটোকেইখন চাওঁক। পংকজ গগৈ নামৰ এগৰাকী লোকে এই ফটো কেইখন শ্বেয়াৰ কৰি লিখিছে এনেদৰে- শিল বৰষুণ হ’লেও ফুৰ্টি কৰা মানুহ এইখন অসমতে আছে ৷ অসম কাশ্মীৰো নহয়, চুইজাৰলেণ্ডো নহয় ৷ অসমত শিল বৰষুণ হ’লে মানুহৰ লাভ নহয় বৰঞ্চ লোকচান হয় ৷ ফটোত তাৰেই উদাহৰণ ৷
সচাঁই আমি সততে দেখা ফটোবোৰৰ মাজতো হেৰাই যায় বহু ফটো। এই ফটোবোৰতে থাকে জীৱনৰ আঁচল সত্য। সেয়েহে একাংশ নেটিজেনে লিখিছে- যিসকলে আজি মৰাণক কেৱল চুইজাৰলেণ্ড বুলি ভাবি আছে, তেখেতসকললৈ সমবেদনা।