1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 3:49 pm

ছোৱালীৰ মুড ছুইং কি কি কাৰণত হয় ? কেনেকৈ মেনেজ কৰিব সেই সময়ত, পঢ়ক সবিশেষ…

  • Update Time : Wednesday, May 18, 2022

ডিজিটেল ডেস্কঃ মুড ছুইং (Mood Swings) নাৰীৰ এটা বিশেষ গুণ বুলি কলেও হয়তো ভুল কোৱা নহব। আপুনি যদি কোনোবা নাৰীৰ প্ৰেমিক, বন্ধু নাইবা স্বামী, তেতিয়াহলে মুড চুইঙৰ বিষয়ে নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। বিনা কাৰনতেই খং কৰা নাইবা কি কথাত খং কৰা তাক বৰ্ণনা কৰিব নোৱাৰাকৈ হোৱা মানসিক অৱস্থা Mood Swing। সহজ ভাষাত কবলৈ গলে, কি কথাত মন বেয়া লাগিছে, কি কথাত খং উঠিছে, বিনা কাৰণত কিয় বেয়াকৈ কলে আদি প্ৰশ্নবোৰৰ উত্তৰ Mood Swingৰ সময়ত এগৰাকী নাৰীৰ হাতত নাথাকে।

এতিয়া জানি লওঁক আচলতে নাৰীৰ কি কি কাৰণত এই Mood Swing হ’ব পাৰে?

মাহেকীয়া হোৱাৰ সময়তঃ যেতিয়া এগৰাকী মাহেকীয়া হয়, সেই সময়ত অত্যাধিক মুড চুইং হয় এগৰাকী নাৰীৰ। কিয়নো এই সময়ত প্ৰজনন ক্ষমতা হ্ৰাস পায়। এই সময়চোৱাত হৰমন সলনি হোৱাৰ বাবে এগৰাকী নাৰীৰ মুডো সলনি হয়।

থাইৰয়ডো হব পাৰে মুড চুইঙৰ অন্য এক কাৰণঃ  শৰীৰৰ ডিঙিতৰ লগতে এক সৰু আৰু তিতলী আকাৰৰ এক গ্ৰন্থি থাকে। সমগ্ৰ শৰীৰত থাইৰয়ড কন্টল কৰিব পৰা এই অংশই শৰীৰৰ এনাৰ্জী কত কেনেদৰে উপয়োগ কৰিব তাক নিয়ন্ত্ৰণ কৰে। এই অংশৰ বাবেও কেতিয়াবা এগৰাকী নাৰীৰ হব পাৰে মুড চুইং। আচলতে এই অংশৰ বাবে ঘনে ঘনে সলনি হয় নাৰী মুড।

মুড চুইঙৰ এক কাৰণ হ’ব পাৰে হতাশাঃ হতাশাৰ কাৰণে হব পাৰে মুড চুইং। মানুহক হতাশাই যিকোনো পৰিস্থিতিলৈ নিব পাৰে। গতিকে হতাশাৰ বাবে মানুহৰ মুড চুইং হোৱাটো স্বাভাৱিক। হতাশাত যেতিয়া এগৰাকী নাৰী থাকে তেতিয়া খং উঠাৰ লগতে অস্থিৰতা বৃদ্ধি পায়। সৰু কথাতে খং কৰাও পৰিলক্ষিত হয়।

প্ৰয়োজনতকৈ অধিক আজৰি সময় মুড ছুইঙৰ অন্য এক কাৰণঃ এজন ব্যক্তিয়ে যেতিয়া প্ৰয়োজনকৈ অধিক আজৰি সময় পায় তেতিয়া বিভিন্ন ভাল-বেয়া কথা মনলৈ আহে। আৰু সেই কথাবোৰে মানুহৰ মনত প্ৰভাৱ পেলায়। বিশেষকৈ নাৰীৰ ক্ষেত্ৰত প্ৰয়োজনতকৈ অধিক সময়ে বহু কথা ভাৱিবলৈ বাধ্য কৰায়। সেই কথাবোৰে এগৰাকী নাৰীৰ ঘনে ঘনে মন সলনি কৰায়।

হৰমনৰ উচ্চ আৰু নিম্ন মাত্ৰায়ো মুড ছুইং কৰে এগৰাকী নাৰীৰ। এই সময়ত এগৰাকীক নাৰীৰ সম্ভালিবলৈ আপুনি বিশেষজ্ঞৰ সহায় লব পাৰে নতুবা নিজেও মৰমেৰে সকলো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিব লাগে। এই সময়চোৱাত এগৰাকী নাৰীয়ে বিচাৰে একো নোকোৱাকৈ প্ৰিয়জন বা কাষৰ মানুহবোৰে সকলো বুজক। মুড ছুইঙৰ সময়ত যিমান যি কলেও বিপৰীতজনে খং নকৰি আৰু প্ৰত্যুত্তৰ নিদি শুনি গলে পৰিস্থিতি ঠিকে থাকে। এনে সময়চোৱাত দুয়োগৰাকী লোকে খং কৰিলে হিতে বিপৰীত হোৱাৰো আশংকা বৃদ্ধি পায়।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme