1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 29, 2024, 9:16 am

দাদা, বিজেপিত ফাইনেলী জইন কৰিলোঃ পত্নী-মাতৃতকৈ আগত সেইদিনা কাক ফোন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

  • Update Time : Tuesday, August 23, 2022

ডিজিটেল ডেস্কঃ ২৮ আগষ্ট ২০১৫ ৷ ৭ বছৰ আগৰ আজিৰ দিনটোৰ কথা ৷ এই দিনটোতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷  বিজেপিত যোগদানৰ পাছতে তেওঁক মন্ত্ৰী আৰু বিজেপিত যোগদানৰ ছবছৰৰ ভিতৰতে তেওক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ল।

দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠক সমাপ্ত কৰি বিজেপিত যোগদান কৰাটো খাটাং কৰাৰ পাছত হিমন্ত বিশ্ব  শৰ্মাই পৰিয়ালৰ সদস্যতকৈ আগত ফোন কৰিছিল এগৰাকী বিশেষ ব্যক্তিলৈ। তেওঁ হৈছে বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামী। শেহতীয়াকৈ গোস্বামীয়ে এই ঘটনাক লৈ সামাজিক মাধ্যমত এক পোষ্ট কৰিছে। পোষ্টটোত তেওঁ লিখিছে এনেদৰে-

খুব বেছি দিনৰ কথা নহয়। সাতবছৰৰ আগৰ আজিৰ এই দিনটোতেই আবেলি সময়ত মোৰ ফোনটো বাজি উঠিল।
  • সিমূৰত হিমন্ত বিশ্ব শৰ্মা- দাদা, বিজেপিত ফাইনেলী জইন কৰিলো আৰু!
  • কি কোৱা , ছিঅ’ৰ ? সেই সময়ত খুব গুজব ওলাই আছিল।সেয়ে মই বিশ্বাস-অবিশ্বাসৰ মাজত সুধিলোঁ।
  • দাদা, এয়া মই অমিত শ্বাহৰ ঘৰৰ পৰা ওলাই আহিছোঁ হে। ঘৰৰ মানুহখিনিক কোৱাৰ পাছত প্ৰথম আপোনাকে জনালোঁ। এতিয়া আৰু অন্য কথা নাহে।
  • কংগ্ৰেছুলেশ্যনছ্। ব্ৰেক কৰো নেকি?
  • কৰক।
“ফোন অন” দি টিভিত খবৰটো ব্ৰেক কৰিলোঁ। বহুতে বিশ্বাস কৰা নাছিল। কাৰণ “নিউজ লাইভ”তেই তেনে কোনো বাতৰি প্ৰকাশ পোৱা নাছিল।
তাৰপাছত লুইতৰ বুকুৱেদি বহু পানী বৈ গল…
সামাজিক মাধ্যমত এনেকৈয়ে লিখিলে বিশিষ্ট সাংবাদিকগৰাকীয়ে…
May be an image of 1 person, standing, beach, ocean, coast, sky and text that says 'Shot ShotonOnePlus on OnePlus Powerodb PoweredbyTrpleG Camera'

মনোজ কুমাৰ গোস্বামী

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme