ডিজিটেল ডেস্কঃ মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে। সন্ধিয়া ৫ বজালৈকে ৭৮.০৩ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে।নিৰ্বাচন আয়োগে (ECI) সদৰি কৰিছে এই তথ্য। সোমবাৰে ৰাজ্যখনৰ মুঠ ৬০খন বিধানসভা আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৩৮খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৭৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। উল্লেখ্য, মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আছে হেইনগাং সমষ্টিত মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী এন বীৰেন সিং।