1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:40 am

১০হাজাৰ গৃহহীন, ৬০গৰাকীৰ মৃত্যুঃ মণিপুৰলৈ শান্তি কেতিয়া…

  • Update Time : Tuesday, May 9, 2023

 ডিজিটেল ডেস্কঃ ৬০গৰাকী লোকৰ মৃত্যু। ১০হাজাৰ পৰিয়াল গৃহহীন আৰু ১৭০০টা ঘৰ জ্বলি শেষ হৈ গল মণিপুৰত। অসমৰ চুবুৰীয়া ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিয়ে লোৱা ভয়ংকৰ ৰূপে শেহতীয়াকৈ কপাই তুলিছে উত্তৰ-পূব। ইতিমধ্যে মেঘালয়ৰ হিংসাত্মক ৰূপে মেঘালয়কো চুই গৈছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে মণিপুৰত ৬০গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২৩১গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।

ইফালে, মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদীকাৰীক দেখা মাত্ৰেই গুলীয়াবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ আয়ুক্তই ইতিমধ্যে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে ১৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme