ডিজিটেল ডেস্কঃ মন, মগজু আলোড়িত কৰিব পৰা গল্প, কবিতাৰ স্ৰষ্টা তেওঁ। আজি মহিম বৰাৰ ওপজা দিন। ৰামধেনু যুগৰ পৰাই স্বকীয় সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰা আৰু অসমীয়া সাহিত্যক বিশ্ব সাহিত্যৰ বুকুত স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা মহিম বৰাই অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়ায় থৈ গৈছে মেটমৰা এক সম্ভাৰ।
অসমীয়া সাহিত্য জগতত ‘ৰঙা জিঞা’ -ৰ কবি আৰু ‘কাঠনিবাৰী ঘাট’ -ৰ স্ৰষ্টা হিচাপে পৰিচিত মহিম বৰাই নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক দখল কৰিছে এক সুকীয়া স্থান। সূক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা মহিম বৰাৰ সৃষ্টিৰাজী সমৃদ্ধ অসমৰ গাঁৱলীয়া জীৱনৰ বর্ণাঢ্য অভিজ্ঞতা আৰু গ্রাম্য পৰিৱেশৰ বৰ্ণনাৰে।
মহিম বৰাৰ ১৯২৪ চনত দৰং জিলাৰ ঘোপসাধাৰু চাহবাগিছাত জন্ম গ্ৰহণ কৰে। তেওঁৰ পিতাক আছিল ৰামতামুলী বংশৰ গজেন নাথ বৰা আৰু মাক চন্দ্ৰকান্তি বৰা’। ১৯৫৭ চনত মহিম বৰাই জামুগুৰিহাটৰ দীপ্তিৰেখা হাজৰিকাৰ লগত বিবাহ পাশত আবদ্ধ হয়। মহিম বৰাই নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলৰ হাটবৰত থকা নিজা ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰে।
১৯৪৪ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু নতুনকৈ খোলা নগাঁও মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। ১৯৪৬ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা প্ৰথম দলৰ ছাত্ৰ হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ২য় বৰ্ষৰ (ইণ্টাৰমিডেট) পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৮ চনত গুৱাহাটী কটন মহাবিদ্যালয়ৰ পৰা স্নাতক সন্মান লাভ কৰে। ১৯৫২ চনত মহিম বৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰে।
হিম বৰাই স্নাতক পৰীক্ষা উত্তীৰ্ণৰ পাছতেই শিক্ষকতাকেই বৃত্তি হিচাপে গ্ৰহণ কৰে। ১৯৪৯ চনত কৰ্তব্যৰ খাতিৰত নগাঁও জিলাৰ কলিয়াবৰলৈ বদলি হৈ আহে আৰু ১৯৫০ চনত পুনৰ গুৱাহাটীলৈ যায়, গুৱাহাটীত কামৰূপ একাডেমীত শিক্ষকতা কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গঞাৰ মেল অনুষ্ঠানৰ ধনবৰকাই হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে।
১৯৫৩ চনত তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পাছৰ বছৰতে ১৯৫৪ চনৰ অক্টোবৰ মাহত নগাঁও মহাবিদ্যালয়ত অসমীয়া বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু তেতিয়াৰে পৰা নগাঁৱতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯৫৬ চনত বৰাদেৱে নগাঁৱৰ পৰা প্ৰকাশ হোৱা সাহিত্য সংকলন অৰুণাচলৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে।