ডিজিটেল ডেস্কঃ অসমৰ এজন জনপ্ৰিয় ঢোল বাদক, লোকশিল্পী তথা সাংস্কৃতিক কৰ্মী হৈছে মঘাই বৰুৱা; যাক পিছলৈ “মঘাই ওজা” অথবা “ঢোলৰ যাদুকৰ” নামেৰে নামাকৰণ কৰা হয়। ঢোল বাদনৰ জৰিয়তে খ্যাতি লাভ কৰা মঘাইয়ে বিভিন্ন অসমীয়া তথা বাংলা ছবিত ঢোল বাদ্য পৰিৱেশন কৰে।
তেওঁৰ পাঁচ বছৰ বয়সতে পিতৃৰ বিয়োগ ঘটাত তেওঁ পৰিয়ালক পোহ-পাল দিয়াৰ অৰ্থে এখন বাগিচাত কাম কৰিবলৈ আৰম্ভ কৰে যদিও সুকুমাৰ কলাৰ প্ৰতি থকা ধাউতিৰ বাবে তেওঁ চাকৰি এৰি ডিম্বেশ্বৰ গগৈ নামে এগৰাকী বৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা গ্ৰহণ কৰে। ক্ৰমান্বয়ে মঘাই বৰুৱাক জনসাধাৰণে “মঘাই ওজা” অথবা “ঢোলৰ যাদুকৰ” নামেৰে নামকৰণ কৰিবলৈ আৰম্ভ কৰিলে।
অসম আৰু ভাৰতত ঢোল বাদনৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ উপৰিও তেখেত বলৰাজ চাহানী, সলিল চৌধুৰী আদিৰ দৰে ব্যক্তিৰ সংস্পৰ্শলৈও আহিছিল। তেখেতে গ্ৰামাফোন ৰেকৰ্ড আৰু বিভিন্ন অসমীয়া, বাংলা চলচ্চিত্ৰতো ঢোল বাদ্য পৰিবেশন কৰিছিল।
অসমৰ গণশিল্পী মঘাই ওজাৰ জন্ম হয় যোৰহাটৰ অন্তৰ্গত হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত ১৮৩৮ শকৰ (১৯১৬ চন) মাঘৰ ১৫ তাৰিখে মঙ্গলবাৰে। তেওঁ চুতীয়া জনগোষ্ঠীৰ লোক আছিল। স্বচ্ছল নথকা কাৰণে বিধবা মাতৃয়ে বৰ কষ্ট কৰি তেওঁক ডাঙৰ দীঘল কৰে। সৰুৰে পৰা মঘাই বুদ্ধিমান আছিল। তেওঁৰ পঢ়া-শুনাত ৰাপ আছিল যদিও আৰ্থিক অনাটনৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ ণকৰি আৰু পঢ়িব নোৱাৰিলে।
অৱস্থাৰ তাড়নাত পৰি ল’ৰা মঘায়ে কিছুদিন চেনিজান নামৰ এখন চাহ বাগিচাত কাম কৰে; কিন্তু সেই কামত তেওঁৰ মন নবহিল। গতিকে তেওঁ ঘৰলৈ উভতি আহিল। বাল্যকালৰ পৰাই সুকুমাৰ কলা, বিশেষকৈ গীতবাদ্যৰ প্ৰতি মঘাইৰ অপৰিসীম অনুৰাগ আছিল। সেই কাৰণে তেওঁ বাগিচাৰ চাকৰি এৰি ওচৰৰে ডিম্বেশ্বৰ গগৈ নামে এজন বয়োবৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা লয়।
ইং ১৯৩১ চনৰ কথা। ঢোল বিদ্যাত তেওঁ এনে গভীৰভাৱে মনোনিবেশ কৰিলে যে অলপ দিনৰ ভিতৰতে ঢোল বাজনাৰ আটাইবোৰ গত আৰু ছেও আয়ত্ত কৰি পেলালে। লাহে লাহে তেওঁৰ ঢোল-বাদ্য প্ৰদৰ্শনৰ খ্যাতি অসমৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিল।
লাহে লাহে ঢোল-বাদক হিচাপে মঘাইৰ খ্যাতি চাৰিওফালে বিয়পি পৰিল। মঘাই বৰুৱা হ’লগৈ মঘাই ওজা, ঢোলৰ যাদুকৰ। বিভিন্ন সভা-সমিতি, বিহু আদি সাংস্কৃতিক অনুষ্ঠানত মঘাইৰ ঢোলৰ চাপৰি এটা আকৰ্ষণীয় অংগ হৈ পৰিল। এই অনুষ্ঠানবোৰত মঘাইৰ বিভিন্ন শিল্পীৰ সান্নিধ্যলৈ অহাৰ সুযোগ ঘটে[3]। এই সম্পৰ্কে তেখেতে লিখিছে এবাৰ বাণ ৰঙ্গমঞ্চৰ সাহাৰ্যাৰ্থে পতা বিচিত্ৰানুষ্ঠানলৈ তেওঁ নিমন্ত্ৰিত হয় আৰু তাতেই বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, চন্দ্ৰ গোস্বামী আদি খ্যাতিমান শিল্পীসকলৰ সান্নিধ্যলৈ অহাৰ সুযোগ পায়। তেওঁলোকৰ পৰা ওজাই যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছিল। এবাৰ এখন সংগীত সন্মিলনত হেনো বিখ্যাত তবলা বাদক শান্তাপ্ৰসাদৰ তবলাৰ লহৰৰ লগত মঘাইৰ ঢোলৰ প্ৰতিযোগিতা চলে। এই প্ৰতিযোগিতাত শান্তাপ্ৰসাদৰ তিনিটাকৈ তবলা ফাটি যায় আৰু মঘায়ে জয় লাভ কৰে।একে সময়তে কেইবাটাও ঢোল বজাই জীৱ-জন্তুৰ মাত, ৰেল-মটৰ আদি যান-বাহন চলোঁতে হোৱা শব্দ, ধুমুহা-বৰষুণ শব্দ আদি নিখুঁতভাৱে ফুটাই তোলাত মঘায়ে পাৰদৰ্শিতা দেখুৱাইছিল[4]। তেওঁ কিলাকুটি, ভৰি, বুঢ়া আঙুলি, থুঁতৰি আৰু নাকেৰেও ঢোল বজাব পাৰিছিল।[1]
১৯৫৪ চনত মঘাই ওজাই গণনাট্য সংঘৰ অসমৰ প্ৰতিনিধি হিচাপে ড° ভূপেন হাজৰিকাৰ সৈতে কলকাতাৰ ৱেলিংটন স্কোৱেৰত অনুষ্ঠিত গণনাট্য সংঘৰ অনুষ্ঠানত যোগদান কৰে৷১৯৫৫মঘায়ে গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰতীয় গণনাট্য সংঘৰ ( আই.পি.টি.এ) প্ৰদেশিক চতুৰ্থ সন্মিলনত যোগ দিয়াৰ সুবিধা লাভ কৰে। এই সংঘৰ যোগেদি তেওঁ দিল্লীত অনুষ্ঠিত আই.পি.টি.এ সন্মিলনত যোগ দিয়ে আৰু তাতে বিখ্যাত চিত্ৰ অভিনেতা বলৰাজ চাহানী, শিল্পী অণৰ শ্বেখ আদিৰ সান্নিধ্যলৈ অহাৰ সুযোগ লাভ কৰে। তাত বিষ্ণুপ্ৰসাদ ৰাভা, চৈয়দ আব্দুল মালিক, ভূপেন হাজৰিকা প্ৰমুখ্যে ভালেমান অসমীয়া শিল্পী সাহিত্যিক জড়িত আছিল।
বলৰাজ চাহানী, কেৰেলাৰ গুৰু গোবিন্দ নাথ আদি শিল্পীসকলৰ তেওঁ প্ৰিয়ভাজন হ’ব পাৰিছিল। এবাৰ বোম্বেৰ জুহু বীচত থকা নিজঘৰত ৰাখি বলৰাজ চাহানীয়ে মঘাইক আদৰৰ আলহী হিচাপে আপ্যায়িত কৰিছিল। ১৯৫৯চনত মস্কোত অনুষ্ঠিত আন্তৰ্জাতিক যুৱ মহোৎসৱলৈ গণনাট্যৰ প্ৰতিনিধি হিচাপে মনোনীত হয়৷ পিছত অৱশ্যে এই যাত্ৰা বাতিল কৰা হয়৷ ১৯৬০ চনত অসমীয়া-বাংলাভাষীৰ মাজত হোৱা আলোড়নৰ সময়ত সাম্প্ৰদায়িক সংহতিৰ বাবে অসম ভ্ৰমণ কৰা শিল্পী দলক তেঁও সহযোগিতা আগবঢ়াইছিল৷
কথাছবি জগততো মঘাই ওজাই ঢোলৰ ছেও দেখুৱাই খ্যাতি আৰ্জিছিল। তেওঁ অংশগ্ৰহণ কৰা কথাছবি কেইখন হ’ল – “পিয়লি ফুকন” (অসমীয়া), “তৃষ্ণা” (হিন্দী), “মাহুত বন্ধুৰে” (বাংলা), “ৰঙা পুলিচ“, আৰু “প্ৰতিধ্বনি” (অসমীয়া)। ইয়াৰ উপৰি তেওঁ ভালেমান মঞ্চনাট আৰু অনাতাঁৰ নাটৰ লগতো জড়িত আছিল। গ্ৰামোফোন ৰেকৰ্ড কৰা “খৰা শিয়ালৰ বিয়া”, “ভাৰত স্বাধীনতা” আদি নাটত তেখেতে ঢোল বাদ্য পৰিবেশন কৰিছিল। ‘মেঘে গজা’, ‘বৰষুণ অনা’, ‘ৰেলগাড়ী চলা’ নামৰ ৰেকৰ্ড ওজাৰ স্বকীয় প্ৰতিভাৰ স্বাক্ষৰ হৈ ৰৈছে।
১৯৭৮ চনৰ ১৫ মাৰ্চত মেলেঙত থকা নিজা বাসভৱনত মঘাই ওজাৰ মৃত্যু হয়।