1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
October 10, 2024, 10:48 am
Trending:
অসাধাৰণ গুণৰে পৰিপুষ্ট জালুকৰ আছে অনেক উপকাৰিতা পূজা চাবলৈ যোৱাৰ পূৰ্বে জানি লওঁক এইকেইটা জৰুৰী নিয়ম ৰাতিপুৱা খালী পেটত খাওঁক তিয়াই থোৱা কিচমিচ, হ্ৰাস হ’ব মেদবহুলতা কোন ধৰণৰ চকলেটৰ ফলত পিম্পলছ হোৱাৰ আশংকা হয়? জিম বা ডায়েটিং নকৰাকৈও সোনকালে ওজন কমাব পাৰি, মাত্ৰ খাবলৈ আৰম্ভ কৰক এই ফলসমূহ ৪টা পদ্ধতিৰে ঘৰতে চিকিৎসা কৰক গাঁঠিৰ বিষৰ আপোনাৰ শিশুৱে বহু সময় ধৰি ফোন ব্যৱহাৰ কৰে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন কিং খান, ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’য়ে লাভ কৰিলে IIFAত বঁটা আপোনাৰ সচাঁকৈয়ে সময় নাই নেকি বাৰু? ইমানেই সময়ৰ নাটনি নে আপোনাৰ? কোনোদিনে পত্নীক ৰন্ধা, বঢ়া বা অন্য কোনো ঘৰুৱা কৰ্মত সহায় নকৰে স্বামীয়ে সেয়ে পত্নীয়ে ল’লে এই সিদ্ধান্ত!

প্ৰধানমন্ত্ৰী মোডীৰ ২কিঃমিঃ গোপন সুৰংগটোৰ বিষয়ে জানেনে আপুনি, পঢ়ক নজনা বহু কথা…

  • Update Time : Friday, June 24, 2022

ডিজিটেল ডেস্কঃ ৭ লোক কল্যাণ মাৰ্গ, দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰ্তমানৰ ঠিকনা। কেৱল নৰেন্দ্ৰ মোডীয়ে নহয়, পূৰ্বৰ কেইবাজনো প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকালত বাস কৰিছে এই ঠিকনাত। প্ৰধানমন্ত্ৰীৰ বাবে নিৰ্মাণ কৰা এই বিশাল স্থানত বাস কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। ৰাজীৱ গান্ধীৰ পাছৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰত্যেক গৰাকী প্ৰধানমন্ত্ৰীৰ ঠিকনা হৈছে দিল্লীৰ ৭ লোক কল্যাণ মাৰ্গ।

এইখিনিতে হয়তো সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে, ৰাজীৱ গান্ধীৰ আগৰ প্ৰধানমন্ত্ৰীসকল কত বাস কৰিছিল? দৰাচলতে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন ৭ লোক কল্যাণ মাৰ্গৰ নিৰ্মাণ কৰা হৈছিল ১৯৮০ চনত। ১৯৮৪ চনত এই বাসভৱনটোৰ প্ৰথম বাসিন্দা হৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। সেই সময়ত এই স্থানৰ নাম ৭ লোক কল্যাণ মাৰ্গ নাছিল। সেই সময়ত ইয়াৰ নাম আছিল ৭ ৰেচ কৰ্চ ৰোড। কিন্তু ২০১৬ চনত ৭ ৰেচ কৰ্চ ৰোড নাম সলনি কৰি ইয়াৰ নাম দিয়া হৈছিল ৭ লোক কল্যাণ মাৰ্গ।

এতিয়া আহিছো আমি পূৰ্বতে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰলৈ। ৰাজীৱ গান্ধীৰ আগৰ প্ৰধানমন্ত্ৰীসকল কত বাস কৰিছিল? স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হৈ থকা কালত বাস কৰিছিল ত্ৰিমূৰ্তি ভৱনত। সেইসময়ত এই ভৱনেই আছিল প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন। কিন্তু নেহৰুৰ মৃত্যুৰ পাছত এই বাসভৱটো সংগ্ৰহালয় হিচাপে গঢ়ি তোলা হয়। ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰী বাস কৰিছিল দিল্লীৰ ১০ জনপদত। শাস্ত্ৰী মৃত্যুৰ পাছতো এই বাসগৃহ সংগ্ৰহালয় হিচাপে নিৰ্মাণ কৰা হয়।

The Name Of Race Course Road Changes, PM Modi's Residence Now Reads '7, Lok  Kalyan Marg'

ইয়াৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী হয় ইন্দিৰা গান্ধী। তেও বাস কৰিছিল দিল্লীৰ ১ নং ছাফদৰগুঞ্জত। কিন্তু ১৯৮৪ চনৰ ৩১ অক্টোৱৰৰ দিনা দিল্লীত নিজা বাসভৱনৰ পৰা সমীপৰ আকবৰ ৰোডলৈ যোৱাৰ সময়তে দেহৰক্ষীৰ গুলীৰ আঘাতত নিহত হয়। ইয়াৰ পাছতে পূৰ্বৰ দৰে এই বাসভৱনৰ এক অংশ সংগ্ৰহালয় আৰু বাকী অংশত কংগ্ৰেছৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল।

এনেকৈ ইন্দিৰা গান্ধীৰ মৃত্যৰ সময়ৰ লৈকে দেশৰ প্ৰধানমন্ত্ৰীসকল থকা কোনো নিদিষ্ট এক স্থান গঢ় লৈ উঠা নাছিল। কিন্তু ১৯৮০ চনত নিৰ্মাণ কৰা হৈছিল ৭ ৰেচ কৰ্চ ৰোড অথাৎ এতিয়াৰ ৭ লোক কল্যাণ মাৰ্গ। বিশাল এই প্ৰধানমন্ত্ৰীৰ ঠিকনাত প্ৰথম বাসিন্দা ৰাজীৱ গান্ধী। ইয়াৰ পাছতে ১৯৮৯-১৯৯০ চনলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা ভি পি সিঙে এখন আইন প্ৰস্তুত কৰে যে এতিয়াৰে পৰা দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ বাবে স্থায়ী ঠিকনা হব ৭ লোক কল্যাণ মাৰ্গ। আৰু তেতিয়াৰে পৰাই দেশৰ প্ৰত্যেকজন প্ৰধানমন্ত্ৰীয়ে নিজৰ কাৰ্যকালত বাস কৰে দিল্লীৰ এই ৭ লোক কল্যাণ মাৰ্গত।

প্ৰায় ১২ একৰ জুৰি মাটিকালি আগুৰি থকা ৭ লোক কল্যাণ মাৰ্গত আছে মুঠ ৫ টা বিশাল বিশাল অট্টালিকা। বিভিন্ন সংখ্যাৰে নামাকৰন কৰা হৈছে এই অট্টালিকা কেইটাক। ১, ৩, ৫, ৭ আৰু ৯ ৰে নামাকৰন কৰা হৈছে অট্টালিকাকেইটাক। ইয়াৰে৯ নং অট্টালিকাটো ব্যৱহাৰ কৰে প্ৰধানমন্ত্ৰী বাসভৱনৰ সুৰক্ষাৰ দায়িত্বত থকা বিশেষ সুৰক্ষা বাহিনী চমুকৈ এছ পি জিয়ে(Special Protection Group)। প্ৰধানমন্ত্ৰীৰ সকলো সুৰক্ষা সম্পকীয় দিশ তেওলোকেই চোৱা-চিতা কৰে।

A morning at 7 Lok Kalyan Marg: PM Modi greets and feeds colourful, dancing  visitors | The Financial Express

১২ একৰ ভূমিত থকা প্ৰধামমন্ত্ৰীৰ এই বাসভৱনৰ ভিতৰতে আছে সকলো সুবিধা। ১, ৩, ৫, ৭, আৰু ৯ ৰ ভিতৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং থাকিছিল ৩ নং অট্টালিকাত। কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী থাকে ৫ নং অট্টালিকাত। ৩ নং অট্টালিকাতো এতিয়া ব্যৱহাৰ হয় অতিথিশালা হিচাপে। আনহাতে ৭ নং অট্টালিকাতো ব্যৱহাৰ হয় প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিভিন্ন কাম-কাজত। অৱশ্যে প্ৰধানমন্ত্ৰীৰ মুখ্য কাৰ্যালয় আছে দিল্লীৰ ৰাইছিলা হিলছত। বাকী থকা ৯ নং অট্টালিকাতো এছ পি জি আৰু ১ নং অট্টালিকাটোত আছে প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ এখন হেলিপেড। এই হেলিপেডৰ পৰাই প্ৰধানমন্ত্ৰী মোডীয়ে ৭ লোক কল্যাণ মাৰ্গৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰে।

এইখিনিতে উল্লেখ কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী মোডীয়ে থকাৰ বাবে ব্যৱহাৰ কৰা ৫ নং অট্টালিকাত ইয়াৰ পূৰ্বে বাস কৰিছিল ৰাজীৱ গান্ধী আৰু অটল বিহাৰী বাজপেয়ীয়ে। ৭ লোক কল্যাণ মাৰ্গত বাস কৰা মোডী হৈছে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, যিয়ে অকলশৰে থাকে। ইয়াৰ পূৰ্বে প্ৰত্যেকজন প্ৰধানমন্ত্ৰীৰ সৈতে পৰিয়ালৰ সদস্য সকল বাস কৰিছিল। অৱশ্যে মোডীৰ প্ৰথমটো কাৰ্যকালত তেওৰ মাতৃ কিছুদিন ৭ লোক কল্যাণ মাৰ্গত থাকিছিল। কিন্তু সেয়া আছিল কিছুদিনৰ বাবেহে।

PM Modi's mantra to students ahead of board exams 2021 | Mint

যদি কোনো সাধাৰণ লোক প্ৰধানমন্ত্ৰী সাক্ষাতৰ বাবে ৭ লোক কল্যাণ মাৰ্গলৈ যায়, তেন্তে প্ৰথমেই তেও প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ যাব নোৱাৰে। প্ৰধানমন্ত্ৰী সাক্ষাতৰ পূৰ্বে লোকজনৰ সকলো পৰিচয় এন্টি কৰা হয় ৯ নং অট্টালিকাৰ এছ পি জিৰ কাৰ্যালয়ত। ইয়াৰ পাছতে কেইবা তৰপীয়া পৰীক্ষা-অনুসন্ধানৰ পাছত তেওক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাবলৈ দিয়া হয়। প্ৰাপ্ত খবৰ অনুসৰি ৭ লোক কল্যাণ মাৰ্গৰ কাষতে থকা এখন পঞ্চতাৰকা হোটেল ‘সম্ৰাট’ৰ ৪ নং মহলাটোও প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হয়। ৭ লোক কল্যাণ মাৰ্গৰ উপৰিও এই হোটেলখনৰ ওপৰেদিও যাব নোৱাৰে কোনো উৰাজাহাজ।

৭ লোক কল্যাণ মাৰ্গৰ প্ৰতিতো অট্টালিকাত ২ টা শোৱনি কোঠা, এটা অতিৰিক্ত কোঠা, এটা ড্ৰয়িং ৰূমৰ লগতে আছে এটা ডাইনিং হল। এই ডাইনিং হলত ৩০-৪০ জন লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰে। এই হলটো এনেকৈ ডিজাইন কৰা হৈছে যে প্ৰত্যেকজন লোকৰ আসনৰ মাজত কিছু ব্যৱধান ৰখা হৈছে যাতে সুৰক্ষা সম্পকীয় দিশত কোনো অসুবিধা নহয়। সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীৰ লগত থাকে ৬ খন বি এম ডব্লিউ কাৰ আৰু এখন এম্বুলেন্স।

সকলো সা-সুবিধাৰ লগতে ৭ লোক কল্যাণ মাৰ্গত আছে এখন বিশাল বাগিছা। ভিন্ন প্ৰজাতিৰ ফুলৰ লগতে অৰ্জুন, দেৱদাৰু গছেৰে ভৰি আছে এই বাগিছা। ফুলৰ বাগিছাৰ মাজতে চৰাই-চিৰিকতিৰ বাবে সজা হৈছে বাহ। বহু ঘৰচীয়া চৰাইয়ে ভৰি আছে ৭ লোক কল্যাণ মাৰ্গ, ইয়াৰ ভিতৰত ময়ুৰ অন্যতম। এই বাগিছা চোৱা-চিতা কৰিবলৈ আছে ২০০ গৰাকী মালী।

For the first time, Narendra Modi's mother Heeraben visits PM House at 7,  RCR | The Financial Express

দেশৰ প্ৰসিদ্ধ ডিজাইনাৰ তথা বাস্তুবিদ ৰৰ্বাট ৰছেলে ৭ লোক কল্যাণ মাৰ্গৰ নক্সা। এই বাস্তুবিদ জন স্বাধীনতাৰ পূৰ্বে নতুন দিল্লী চহৰৰ নক্সা তৈয়াৰ কৰা এডমিন লুতিয়ন দলৰ এজন অন্যতম সদস্য আছিল। প্ৰধানমন্ত্ৰী বি পি সিঙৰ কাৰ্যকালত ৭ লোক কল্যাণ মাৰ্গ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।

পঞ্চৱতী। ৭ লোক কল্যাণ মাৰ্গত থকা অন্য এটা গৃহ। ২০০১ চনত অটল বিহাৰী বাজপেয়ীয়ে নিৰ্মাণ কৰিছিল এই গৃহটো।ব্যয় কৰা হৈছিলপ প্ৰায় ২.৬৫৮ কোটি। এই গৃহটোত আছে ২ টা প্ৰেক্ষাগৃহ। ইয়াৰ প্ৰতিটোতে ২০০-৩৪০ জন দৰ্শক বহিব পাৰে।ইয়াৰোপৰি এটা বিশাল ৰূমৰ বেৰত ভাৰতীয় কলা-সংস্কৃতিৰ বিভিন্ন চিত্ৰ অংকিত কৰা হৈছে। এই বিশাল ৰূমটোতে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন্ স্থানত উপহাৰ হিচাপে পোৱা সা-সামগ্ৰী সুন্দৰকৈ সজোৱা আছে।

প্ৰধানমন্ত্ৰী এই বাসভৱনত আছে এটা চিনেমা গৃহয়ো। ২০০৬ চন মুক্তি পোৱা হিন্দী ছবি লগে ৰহো মুন্না ভাই মুক্তিৰ লগে লগে প্ৰধানমন্ত্ৰী বাসভৱনতো প্ৰদৰ্শন কৰা হৈছিল। ইয়ৈৰ পাছতে তাৰে জমান পৰ, পিপলী লাইভ নামৰ ছবি ২ খনো প্ৰৰ্দশন কৰা হৈছিল ৭ লোক কল্যাণ মাৰ্গত।

এয়া আছিল দেশৰ প্ৰধানমন্ত্ৰী বাসভৱন ৭ লোক কল্যাণ মাৰ্গৰ কিছু কথা। এছ পি জিৰ নিৰাপত্তাত থকা ৭ লোক কল্যাণ মাৰ্গ হৈছে দেশৰ একমাত্ৰ বাসগৃহ। সকলো সা-সুবিদা উপলদ্ধ এই ৭ লোক কল্যাণ মাৰ্গৰ আছে অন্য এক বিশেষত্ব। সেৱা হল এই বাসভৱনত আছে ২ কিঃমিঃ জোৰা এক সুৰংগ।

২ কিঃমিঃ জোৰা এই সুৰংগটো যোগেদি প্ৰধানমন্ত্ৰীয়ে পোনে পোনে প্ৰৱেশ কৰিব পাৰে দিল্লীৰ ছাফদৰগুঞ্জ বিমান বন্দৰত। প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দিনতে আৰম্ভ হৈছিল এই সুৰংগটোৰ কাম। ২০১০ চনত আৰম্ভ হোৱা এই সুৰংগটোৰ কাম ২০১৪ চনৰ জুলাই মাহত সম্পূৰ্ণ হৈছিল। সুৰংগটোৰ প্ৰথম ব্যৱহাৰ কৰা প্ৰধানমন্ত্ৰী জনেই হৈছে নৰেন্দ্ৰ মোডী। মুঠৰ ওপৰত কব পাৰি যে ৭ লোক কল্যাণ মাৰ্গত থকা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীক শত্ৰুয়ে চকু তুলিয়ে চাব নোৱাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme