1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:53 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

পুটিনক কাপুৰুষ বুলি গালি দিয়া ৰাছিয়াৰ সুন্দৰী মডেলক হত্যা

  • Update Time : Tuesday, March 15, 2022

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ মাজতেই মৃত্যু এগৰাকী ৰাছিয়ান মডেলৰ। ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ মাজত পুটিনক পাগল বুলি অভিহিত কৰা এগৰাকী ৰাছিয়ান মডেল গ্ৰেট ৱেল্ডাৰৰ মৃতদেহ এটা চুটকেচত পোৱা গৈছে। বাতৰি অনুসৰি ২৩ বছৰীয়া ৰাছিয়ান মডেলগৰাকীয়ে ২০২১ চনৰ জানুৱাৰীত চ’ছিয়েল মিডিয়াত এটা প’ষ্ট লিখিছিল।

প’ষ্টটোত পুটিনক এজন মানসিক ৰোগী আৰু উচ্চাকাংক্ষী হিচাপে বৰ্ণনা কৰিছিল মডেলগৰাকীয়ে। পষ্টটো ভাইৰেল হৈ পৰাৰ পিছৰে পৰা মডেলগৰাকী সন্ধানহীন হৈ আছে। তেওঁৰ মৃতদেহ শেহতীয়াকৈ লিপেটস্ক অঞ্চলত পোৱা গৈছে। অৱশ্যে, কেতিয়া আৰু কেনেকৈ হত্যাকাণ্ডটো সংঘটিত হ’ল সেই সম্পৰ্কে তদন্ত অব্যাহত আছে তদন্ত। ৱেলডাৰে তেওঁৰ ফেচবুক পোষ্টত লিখিছিল- ‘পুটিনৰ দৰে লোকে কাপুৰুষ হৈয়ে জন্ম লৈছে৷ তেওঁলোকে পোহৰক ভয় কৰে৷’

ৱেলডাৰৰ হত্যাৰ পিছত, আৰক্ষীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিক দিমিত্ৰী কোৰোভিনক সন্দেহৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰিছে। প্ৰাৰম্ভিক জেৰাত, দিমিত্ৰীয়ে প্ৰকাশ কৰে যে তেওঁ ধনৰ লেনদেনৰ বাবে ৱেলডাৰক হত্যা কৰিছিল। কোৰোভিনে কৈছিল যে হত্যাৰ পিছত, প্ৰেমিকাৰ মৃতদেহটো এটা চুটকেচত ৰাখিছিল আৰু মৃতদেহৰ সৈতে ৩ দিন সহবাসো কৰিছিল। তাৰ পিছত তেওঁক গাড়ীত ভৰাই লিপেটস্কত দলিয়াই দিয়ে।

উল্লেখ্য যে, ইউক্ৰেইন আক্ৰমণৰ পিছত, ৰাছিয়াই বিগত কেইদিনমানত সংবাদ মাধ্যমলৈও বিশেষ কেইটামান নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত জনোৱা অনুসৰি এই সময়ছোৱাত কোনো মিডিয়া হাউচে যুদ্ধ, আক্ৰমণ বা অনুপ্ৰৱেশৰ দৰে শব্দ ব্যৱহাৰ কৰিব নালাগে। যদি এই আদেশ মানি নলয়, ইয়াৰ সৈতে জড়িত সাংবাদিকক শাস্তি দিব ৰাছিয়াই, মিডিয়া হাউচ বন্ধ কৰিও দিব পাৰে। ইয়াৰ উপৰিও জৰিমনাও আৰোপ কৰা হ’ব পাৰে সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme