ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰাৰ পিছৰে পৰা একাংশ সংবাদমাধ্যমত প্ৰচাৰ হৈ থকা বাতৰিক লৈ একপ্ৰকাৰৰ স্পষ্টীকৰণ দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। বিভিন্ন সংবাদমাধ্যমত অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনটো দ্বিতীয়বাৰৰ বাবে উদ্বোধন কৰা বুলি বাতৰি প্ৰচাৰৰ সম্পৰ্কত মন্ত্ৰী হাজৰিকাই কয় যে, -দ্বিতীয়বাৰৰ বাবে বিধানসভা ভৱন উদ্বোধন কৰা বুলি প্ৰচাৰিত বাতৰি সম্পূৰ্ণ অসত্য ।
এই সমগ্ৰ বিষয়টোৰ ওপৰত সামাজিক মাধ্যমত এক পোষ্ট কৰিছে মন্ত্ৰীগৰাকীয়ে। সেই পোষ্টটোত তেও লিখিছে-
একাংশ সন্মানীয় সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে বিধানসভাৰ নৱ নিৰ্মিত ভৱনটো বিগত বিধানসভাৰ সময়তো উদ্বোধন কৰা হৈছিল আৰু যোৱা ৩০ জুলাইত এই ভৱনটো দ্বিতীয়বাৰৰ বাবে উদ্বোধন কৰা হৈছে । এয়া সম্পূৰ্ণ অসত্যৰ ওপৰত আধাৰিত বাতৰি ।প্ৰকৃততে আগৰ বিধানসভাৰ শেষৰফালে ভৱনটোৰ নিৰ্মাণ চলি থকা অৱস্থাত তেতিয়াৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত বিধানসভাৰ Assembly Hall টো অনানুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল আৰু সন্মানীয় সদস্যসকলে এদিনৰ বাবে সম্পূৰ্ণ সৌহাদ্যমূলকভাৱে আৰু পৰীক্ষামূলক ভাৱে বহি মত বিনিময় কৰিছিল ।তেতিয়া ভৱনটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰাও হোৱা নাছিল আৰু কোনোধৰণৰ ফলক আদিৰ ব্যৱস্থাও কৰা হোৱা নাছিল । তেনে অৱস্থাত দ্বিতীয়বাৰৰ বাবে বিধানসভা ভৱন উদ্বোধন কৰা বুলি প্ৰচাৰিত বাতৰি সম্পূৰ্ণ অসত্য ।