1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:43 am

মিলি যোৱা কথাবোৰ! সচাঁ হোৱা সপোনবোৰ…

  • Update Time : Wednesday, May 10, 2023

ডিজিটেল ডেস্কঃ প্ৰত্যাহ্বান হাজাৰটা আছিল। ষড়যন্ত্ৰকাৰীৰ সংখ্যাও তাকৰ নাছিল। কিন্তু সকলো অপবাদ, ষড়যন্ত্ৰ উফৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে পাৰ কৰিলে দুটা বছৰ। বহুকেইটা উল্লেখনীয় পদক্ষেপ তথা কৰ্মৰ জৰিয়তে এই চৰকাৰখনে ইতিমধ্যে ৰাজনৈতিক বহু সমালোচকৰ প্ৰশংক্ষাৰ পাত্ৰ হৈছে। বিৰোধীয়ে আজি দিনটোত যথেষ্ট সমালোচনা কৰিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দুটা বছৰত কি কৰিলে তাৰ হিচাপ হয়তো ৰাইজে নিৰপেক্ষভাৱে নিশ্চয় কৰিব।

২০২১চনৰ ১০মে দিনটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক বৃহত পৰিৱৰ্তন ঘটিছিল। চতুৰ, বিচক্ষণ তথা কৰ্মঠ মন্ত্ৰী হিচাপে জনাজাত ড০ হিমন্ত বিশ্ব শৰ্মাক বিজেপি নেতৃত্বই প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু ২০২১ৰ আজিৰ দিনটোতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনত মিশ্ৰিত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ৰাজনৈতিক দিশটোৰ পৰা আতঁৰি এইদিনটোত বিশেষভাৱে চৰ্চা হৈছিল আন এটি কথা। এই কথাটো আছিল এহাল প্ৰেমিকৰ কথা। এগৰাকী প্ৰেমিকে এগৰাকী প্ৰেমিকাক দিয়া প্ৰতিশ্ৰুতিৰ কথা।

কটনত পঢ়ি থকা সময়তে হিমন্ত বিশ্ব শৰ্মাক ৰিণিকি ভূঞাই এদিন সুধিছিল- মায়ে যদি সুধে, তুমি কি কৰা বুলি কম! সেইসময়ত ৰাজনীতিৰ পথাৰত খুবেই কেচাঁ হিমন্ত বিশ্ব শৰ্মাই কৈছিল- মাৰাক কবা এদিন মুখ্যমন্ত্ৰী হম বুলি। ২০বছৰৰ আগেয়ে হিমন্ত বিশ্ব শৰ্মাই প্ৰেমিকা ৰিণিকি ভূঞাক দিয়া প্ৰতিশ্ৰুতি পূৰণ হৈছিল ২০২১ৰ ১০মেত।  প্ৰতিশ্ৰুতিৰ পূৰণৰ সেই বিৰল দিনটোত হিমন্ত বিশ্ব শৰ্মাৰ কাষত ছাঁৰ দৰে আছিল পত্নী ৰিণিকি ভূঞা।

কথাবোৰ এনেকৈয়ে মিলি গৈছিল। ২০বছৰৰ পাছত প্ৰতিশ্ৰুতি পূৰণ হৈছিল। বহুতে কোৱাৰ দৰে ৰাজনীতিত ভৱিষ্যত কব পৰা হিমন্ত বিশ্ব শৰ্মাই সেই সময়তে প্ৰেমিকাক কৈছিল নিজৰ ভৱিষ্যতৰ কথা। কথা কৈয়েই বহি থকা নাছিল তেওঁ। নিজকে এগৰাকী সুদক্ষ ৰাজনৈতিক হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলো কাম সকলো পন্থা আৰু লগতে প্ৰচুৰ কষ্টৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই সকলোৰে আগত প্ৰমাণ কৰিছিল যে, ৰাজনীতিত তেওঁৰ কিমান দক্ষতা আছে। সেই দক্ষতাৰ উমান পায়েই হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে যোগদানৰ পিছতে প্ৰদান কৰিছিল গধূৰ দায়িত্ব।

মুখ্যমন্ত্ৰীত্ব ভাৰ গ্ৰহণ কৰাৰ পাছতো একাংশই সমালোচনা কৰিছিল যে, মন্ত্ৰীসভাৰ মাজত ব্যাপক বিসংগতিয়ে দেখা দিব আৰু মন্ত্ৰীসভা ভংগ কৰিব লাগিব। কিন্তু বাস্তৱত সেয়া হৈ নুঠিল। হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈ প্ৰতিটো বিভাগতে নিজ নিজ কামত ব্যস্ত কৰি ৰাখিলে মন্ত্ৰীসকলক। যাৰ বাবে কোনো বিশেষ বিসংগতি নোহোৱাকৈ হিমন্ত বিশ্বৰ শৰ্মাই পাৰ কৰিলে দুটা বছৰ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme