1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 2:11 pm

মিলন সন্ধানহীন! ক’ত থাকি ঘটনাৰ ওপৰত নজৰ ৰাখিছে মেনেজ মাষ্টৰ মিলন বুঢ়াগোহাঁয়ে…

  • Update Time : Sunday, July 23, 2023

ডিজিটেল ডেস্কঃ সংগঠনৰ নামত দালালি কৰা আটাছুৰ বহিষ্কিত সভাপতি মিলন বুঢ়াগোঁহাই এতিয়াও পলাতক।  চিণ্ডিকেটৰ নামত না না জনৰ নাম লৈ তথাকথিত বিজেপিৰ নেতাৰ পৰা লাখে লাখে পইচা লোৱা মিলন বুঢ়াগোহাঁইৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে। বিজেপি নেতা লাচিত গগৈক যোৱা শনিবাৰে সন্ধিয়া ভাগত ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱায়।

উল্লেখ কৰা প্ৰয়োজন যে, লাচিত গগৈ আৰু মিলন বুঢ়াগোহাঁইৰ মাজত চিণ্ডিকেটক লৈ হোৱা কথোপকথনত দুখন জিলাৰ এছ পিৰ নাম লৈছিল। আৰু তাৰ পিছতে ডিফুৰ এছ পিয়ে উক্ত বিষয়ক লৈ এক গোচৰ ৰুজু কৰে আৰু লগে লগেই সোধ-পোচৰ বাবে আটক কৰে লাচিত গগৈ। দিনটোৰ সোধ-পোছৰ অন্তত লাচত গগৈক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইফালে বৰ্তমানো নিৰুদ্দেশ হৈ থকা মিলনক লৈ ডিফু আৰক্ষীৰ অভিযান অব্যাহত আছে। ডিফু আৰক্ষী অধীক্ষকে সদৰি কৰা অনুসৰি, মিলন বুঢ়াগোঁহাইলৈ আইনী জাননী প্ৰেৰণ কৰা হৈছে।  আটাছুৰ পৰা বহিষ্কিত নেতাগৰাকী এতিয়া কত আত্মগোপন কৰি আছে তাক লৈ কোনো সূংসূত্ৰ পোৱা নাই আৰক্ষীয়ে।

ইফালে সামাজিক মাধ্যমত চৰ্চিত এক খবৰ অনুসৰি, মেনেজ মাষ্টৰ মিলন বুঢ়াগোহাঁয়ে গুৱাহাটীতে আত্মগোপন কৰি সকলো ঘটনাৰ ওপৰত নজৰ ৰাখিছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme