1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 7:14 am

চেম্পিয়নৰ বাহিৰে অন্য কথা কল্পনাই কৰা নাই, এয়াই মোৰ অন্তিম বিশ্বকাপ…

  • Update Time : Tuesday, November 22, 2022

ডিজিটেল ডেস্কঃ সোমবাৰৰ সন্ধিয়াৰ কথা। কাটাৰ নেশ্যনেল কনভেনশ্যন চেণ্টাৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া সাংবাদিকৰ ভিৰ। বহিবলৈ ক’তো ঠাই নাই। কিছু সময়ৰ পাছতে সংবাদমেল সম্বোধন কৰিলে লিয়নেল মেছিয়ে।

সংবাদ মেলত নিজৰ শাৰিৰিক আঘাতৰ লগতে  অন্যান্য বিষয়  আলোচনাৰ সময়তে মেছিয়ে কলে- সম্ভৱত এয়াই- মোৰ অন্তিম বিশ্বকাপ। শেষ সুযোগ চেম্পিয়ন হোৱাৰ। কোনো কাৰণতেই এই সুযোগ হেৰুৱাব নোৱাৰি।চেম্পিয়ন হোৱাৰ বাহিৰে এই মুহূৰ্তত আন কোনো কথাই ভাবিব নোৱাৰি।

এই সংবাদ মেলতেই আৰ্জেণ্টিনাৰ টীম মেনেজমেণ্টে সাংবাদিকৰ আগত ক’লে -হয়তো কাটাৰেই মেছিৰ অন্তিম বিশ্বকাপ। উল্লেখ কৰা প্ৰয়োজন যে, মেছিয়ে জীৱনৰ পঞ্চমখন বিশ্বকাপত অংশগ্ৰহণ কৰিব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme