ডিজিটেল ডেস্কঃলাগি থাকিলে মাগি নাখায়। কোনো কাম একাণপতিয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। উদ্যমী মন আৰু কৰ্মস্পৃহাৰ গৰাকী প্ৰতিগৰাকী লোকেই বাধাৰ প্ৰাচীৰ ভাঙি আজুৰি আনে সফলতা। উদ্যমী আৰু কঠোৰ পৰিশ্ৰমী তেনে এগৰাকী ব্যক্তি আছিল যোৱা বছৰত দেহাৱসান ঘটা ‘মচলাৰ ৰজা’ খ্যাত মহাশয় ধৰ্মপাল গুলাটী।
এক কথাত কবলৈ হলে বিশ্বৰ মচলা সম্ৰাজ্যৰ একছত্ৰী বাদশ্বাহ হৈছে মহাশয় ধৰ্মপাল গুলাটী। এসময়ত জেপত মাত্ৰ ১৫০০ টকা লৈ ভাৰতলৈ অহা ধৰ্মপাল গুলাটীৰ এম ডি এইচ মচলাৰ চি ই অ হিচাপে মৃত্যৰ সময়ত বাৰ্ষিক দৰমহা পাইছিল ২১ কোটি টকা।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বে গুলাটী আছিল পাকিস্তানৰ নাগৰিক। কিন্তু দেশ বিভাজনৰ সময়ত ১৯৪৭ চনৰ ২৭ চেপ্তেম্বৰত গুলাটী আহিল ভাৰতলৈ। পাকিস্তানৰ পৰা অহাৰ সময়ত গুলাটীৰ হাতত আছিল ১৫০০ টকা। ইয়াৰে ৬৫০ টকা খৰচ কৰি তেওঁ ক্ৰয় কৰিলে এখন ঘোৰাগাড়ী। প্ৰতিতো যাত্ৰাৰ বাবদ গুলাটীয়ে সেইসময়ত লৈছিল ২ অনা। গুলাটীৰ এই ঘোৰাগাড়ীত কেইবাবাৰো যাত্ৰা কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীয়েও।
১৯৪৮ চনৰ ১০ অক্টোবৰত গুলাটীয়ে ঘোৰাৰ সৈতে গাড়ী বিক্ৰী কৰি খুলিলে এখন সৰু মচলাৰ দোকান। ভাৰতলৈ অহাৰ পূৰ্বে গুলাটীৰ পিতৃৰ পাকিস্তান শিয়ালকোটত আছিল চাবোন আৰু মচলাৰ এখন দোকান।
পিতৃৰ সেই বৃত্তিকে সৰোগত কৰি দিল্লীত মহাশয় ধৰ্মপাল গুলাটীয়ে আৰম্ভ কৰিলে মচলাৰ ব্যৱসায়। অতি কমসময়ৰ ভিতৰতে খবৰ বিয়পি পৰিল যে শিয়ালকোটৰ বিখ্যাত মচলাৰ দোকান এতিয়া দিল্লীতে আছে। খবৰ কাগজৰ বিজ্ঞাপনৰ জৰিয়তে সমগ্ৰ দেশত বিখ্যাত হৈ পৰিল গুলাটীৰ মচলা।
দিল্লীত প্ৰথম পৰ্যায়ত সৰু এখন দোকানত গুলাটীয়ে আৰম্ভ কৰিছিল মচলা ব্যৱসায়। লাহে লাহে বিখ্যাত হবলৈ ধৰা গুলাটীৰ দোকানত বিক্ৰী বাঢ়িল। দিল্লীৰ বিভিন্ন স্থানৰ দোকানী আহি গুলাটীৰ মচলা বিচাৰি ভিৰ কৰিলেহি। গ্ৰাহকৰ সহাঁৰি দেখি গুলাটীয়ে সিদ্ধান্ত ললে যে, ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰা হব।
কিন্তু অৰ্থনৈতিকভাৱে পিছ পৰি থকা গুলাটীৰ বাবে সেয়া সহজ নাছিল। কিন্তু জীৱনৰ এই কঠিনতা সফলতাৰ চাবি-কাঠি হিচাপে ললে গুলাটীয়ে। কঠিন সংগ্ৰামৰ মাজতে ১৯৫৯ চনত দিল্লীৰ কীৰ্তি নগৰত স্থাপন কৰিলে প্ৰথমটো মচলাৰ ফেক্টৰী।
সেয়াই আছিল এম ডি এইচ মচলাৰ আৰম্ভণি। তাৰ পিছৰ পৰা পিচলৈ উভতি চাব লগা হোৱা নাই মহাশয় ধৰ্মপাল গুলাটীয়ে। বৰ্তমান ডুবাইত আছে গুলাটীৰ এম ডি এইচ মচলাৰ ফেক্টৰী। লণ্ডন, আমেৰিকাত আছে এম ডি এইচৰ কাৰ্যালয়।
ইয়াৰোপৰি সমগ্ৰ বিশ্বৰ অধিকাংশ দেশত উপলদ্ধ এম ডি এইচ মচলা। অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা,নিউজিলেণ্ড, হংকঙ্গ, চিংগাপুৰ, জাপান আৰু চীনত আদি সকলোতে আছে এম ডি এইচ মচলাৰ বিপনী। ভাৰতবৰ্ষত আছে এম ডি এইচ মচলাৰ ৪ লাখ খন বিতৰণ বিপনী।
এম ডি এইচ মচলাৰ ৫২ টা প্ৰডাক্টত ১৪০ বিধ ভিন্নধৰণৰ মচলা পেকেটিং হয়। ২০১৯ বৰ্ষত ১৫০০০ কোটি টকা ব্যৱসায় কৰা এম ডি এইচ মচলা বৰ্তমান বিশ্বৰ ১০০ খন দেশত প্ৰচলিত। লাহে লাহে এন ডি এইচৰ পৰিসৰ বাঢ়িছে। ব্যৱসায়ত ধৰ্মপাল গুলাটীৰ মূলমন্ত্ৰ হল ভাল সামগ্ৰী গ্ৰাহকক দিলে সদায়ে তেওঁলোক আদৰি লব। বিগত ৬০ বছৰে গ্ৰাহক সেই বিশ্বাস আদায় কৰিছে এম ডি এইচ মচলাই।