1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:44 am

পইচা সকলোৰে পৰা লওক, ভোট কেৱল আমাক দিয়কঃ প্ৰথমবাৰ অসমলৈ আহি পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ আহ্বান…

  • Update Time : Sunday, April 2, 2023

ডিজিটেল ডেস্কঃ প্ৰথমবাৰ অসমলৈ আহিয়েই সুস্থ গণতন্ত্ৰক এক প্ৰকাৰৰ বুঢ়া আঙুলি দেখালে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ সৈতে অহা পাঞ্জাৱৰ মু্খ্যমন্ত্ৰী ভগৱন্ত মানে। সৎ আৰু নিৰ্ভীক লোকৰ দল বুলি দাবী কৰি আপৰ মুখ্য দুই নেতাই অসমলৈ প্ৰথমবাৰ আহিয়েই নিৰ্বাচনত ধনৰ লেনদেন কৰিবলৈ একপ্ৰকাৰৰ মুকলিকৈ আহ্বান কৰিলে সকলোকে।

পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোণাৰাম ফিল্ডত দিয়া ভাষণত মুকলিকৈ কলে যে, ”নিৰ্বাচনত  যি দলেই ধন দিয়ে সকলো আপোনালোকে জেপত ধুনীয়াকৈ ভৰাই লওক। সকলো দলৰ পৰাই ধন লওক, যিমান পাৰে লওক। কিন্তু ভোট দিবলৈ গৈ আপোনালোকে কেৱল ঝাড়ুৰ চিনতহে বুটামটো টিপিব।”

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত এনে মন্তব্য শুনি এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আন দলক সমালোচনা কৰিবলৈ গৈ নিৰ্বাচনৰ দৰে এটা প্ৰক্ৰিয়াত ধনৰ লেন-দেন কৰিবলৈ মুকলি আহ্বান দিয়া পাঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষ্যক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। তৃণমূল কৰ্মীক এনে পৰামৰ্শ দিয়া মানৰ এনে কু মন্ত্ৰণা দলৰ তৃমমূল কৰ্মীৰ মাজতে বিপৰীত ক্ৰিয়া কৰাও দেখা গৈছে।

এতিয়া প্ৰশ্ন হয়, সততাৰ ৰাজনীতি কৰো বুলি কোৱা কেজৰিৱালৰ সন্মুখতে ভগৱন্ত মানে কেনেকৈ এনে মন্তব্য কৰিবলৈ সাহস কৰিলে।  এনে মন্তব্য দিয়াৰ পাছতো কেজৰিৱালে তেওঁকেই পৰোক্ষভাৱে সমৰ্থন কৰাও দেখা গল।  এতিয়া সময়েহে কব,  অন্য ৰাজনৈতিক দলৰ নেতাসকলে ভগৱন্ত মানৰ এই মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme