1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:13 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

প্ৰধানমন্ত্ৰীক কি ৪টা কথা কৈ ওলাই আহিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…

  • Update Time : Wednesday, November 24, 2021

ডিজিটেল ডেস্কঃ কথাৰে কটাকটি আৰু বিভিন্ন সময়ত কটাক্ষৰে ইজনে সিজনক সমালোচনা কৰিলেও বুধবাৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাক্ষাত কৰিলে প্ৰধানমন্ত্ৰীক। প্ৰায় আধাঘন্টা জোৰা এই বৈঠকত কি কি আলোচনা কৰিলে দুয়োগৰাকী নেতাই-

১.  সীমান্ত সুৰক্ষা বল চমুকৈ BSFক অধিক ক্ষমতা প্ৰদানৰ বাবে আহ্বান কৰিলে মমতা বেনাৰ্জীয়ে। কিয়নো সীমান্তত প্ৰহৰাত থকা বি এছ এফ জোৱানক পৰ্যাপ্ত ক্ষমতা নথকাৰ বাবেই শ্বহীদ হব লগা হয় বুলি তেওঁ প্ৰধানমন্ত্ৰীৰ ওচৰত যুক্তি দাঙি ধৰে।

২.  কেন্দ্ৰৰ পৰা পশ্চিমবংগই পাব লগা পুঁজিৰ সন্দৰ্ভত এই সাক্ষাতকালত আলোচনা কৰে দুয়োগৰাকী নেতাই।

৩. কৰোনা ভেকচিনৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীক কিছু কথা অৱগত কৰে মমতা বেনাৰ্জীয়ে। তেওঁ কয়  যে, বংগৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ভেকচিন যাতে কেন্দ্ৰই যোগান ধৰে। কিয়নো কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত এইক্ষেত্ৰত যাতে ৰাজনৈতিক মতভেদে স্থান নাপায়, তাক লৈও বিশেষ আহ্বান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

৪.  এই সাক্ষাতকালত ত্ৰিপুৰাৰ হিংসাত্মক কাৰ্যকলাপক লৈও আলোচনা হয় দুয়োৰে মাজত। তৃণমূলৰ নেত্ৰী চয়ানী ঘোষৰ ওপৰত মুকৰ্দমা তৰাৰ কথাও প্ৰধানমন্ত্ৰীক অৱগত কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

মূলত এই প্ৰসংগ কেইটাই আলোচনা কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰিছে মমতা বেনাৰ্জীয়ে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme