ডিজিটেল ডেস্কঃ বিকি-কেট, ৰণবীৰ-আলিয়াৰ পিছতেই এইবাৰ বিবাহৰ বাবে মন মেলিছে মল্লিকা আৰোৰা আৰু অৰ্জুন কাপুৰে। অচিৰেই বলীউডত আন এখন হাইপ্ৰফাইল বিয়া। মল্লিকা-অৰ্জুনৰ প্ৰেমিক যুটিটোক লৈ চলি থকা সকলো গুজৱৰ অন্ত পেলাই বিশেষ ঠিকনা খোদিত কৰিবলৈ সাজু হৈছে মল্লিকা-অৰ্জুন।
প্ৰাপ্ত ভাইৰেল খবৰ অনুসৰি এই বৰ্ষৰে নৱেম্বৰত জীৱনৰ দ্বিতীয় ইনিংচ আৰম্ভ কৰিব মল্লিকা-অৰ্জুনে। বিগত প্ৰায় ৪ বছৰ প্ৰেমৰ অন্তত বিবাহপাশত বান্ধ খাবলৈ সাজু হৈছে দুয়োগৰাকীয়ে। ২০১৯ৰ মাজভাগত দুয়োয়ে ৰাজহুৱা কৰিছিল প্ৰেমৰ কথা।
নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিয়াখনত কোন কোন উপস্থিত থাকিব এই সম্পৰ্কেও প্ৰকাশ কৰিছে মল্লিকা-অৰ্জুনে। কেৱল পৰিয়াল আৰু এৰাব নোৱাৰা বন্ধুহে উপস্থিত থাকিব এই বিবাহত। মুম্বাইতেই অনুষ্ঠিত হ’বলগীয়া বিবাহখনৰ তাৰিখ অৱশ্যে দুয়োয়েই বৰ্তমানলৈ প্ৰকাশ কৰা নাই।