1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:41 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মালিগাঁৱৰ উৰণীয়া সেতুৰ কাম কেতিয়া শেষ হ’ব, ক’লে মুখ্যমন্ত্ৰীয়ে…

  • Update Time : Friday, September 30, 2022

ডিজিটেল ডেস্কঃ গুৱাহাটীবাসীৰ বহুদিনীয়া আশা পূৰণ কৰি  শুকুৰবাৰে আৰ্য নগৰৰ উৰণীয়া সেতু উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সেতুখন উদ্বোধন কৰি গুৱাহাটীত নিৰ্মাণ হটব লগীয়া আন উৰণীয়া সেতু সন্দৰ্ভত থকা পৰিকল্পনা সম্পৰ্কেও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়- সন্দিকৈ কলেজৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব। মালিগাঁও, জু-ৰোডৰ উৰণীয়া সেতুৰ কাম শেষ হ’লেই এই কাম আৰম্ভ হ’ব।

উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি শৰ্মাই লগতে কয় যে-  মালিগাঁও উৰণীয়া সেতু খন প্রায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ব’হাগ বিহুৰ পূৰ্বেই সেতুখন মুকলি কৰিব পাৰিম।  অন্যহাতে জু-ৰোডৰ উৰণীয়া সেতুখনো ২০২৪ৰ ব’হাগ বিহুৰ পূৰ্বে মুকলি কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

অন্যহাতে  তেওঁ কয় যে গুৱাহাটী-উত্তৰ গুৱাহাটী দলং অহা এক-ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। গুৱাহাটীৰ উপৰিও পলাশবাৰী-শুৱালকুছিৰ উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য অহা বছৰ আৰম্ভ হ’ব আৰু বাইহাটা চাৰিআলিতো নিৰ্মাণ কৰা হ’ব এখন উৰণীয়া সেতু।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme