1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
June 1, 2025, 1:01 pm
Trending:

মালিগাঁৱৰ অভাৰব্ৰীজ নিৰ্মাণস্থলীত পিছলি পৰা দুই স্কুটীআৰোহীক চিটি বাছে নিলে মহতিয়াই

  • Update Time : Sunday, November 21, 2021

ডিজিটেল ডেস্কঃ নিৰ্মাণকাৰ্য পলম হোৱাৰ লগতে যান-যঁটৰ সমস্যাৰ দৰে বহু কেইটা সমস্যাক লৈ  বিভিন্ন বিৰ্তকত সাঙুৰ খোৱা মালিগাঁৱৰ অভাৰব্ৰীজত সংঘটিত হৈছে আন এক অঘটন। দেওবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই ঘটনাক লৈ পুনৰ অভাৰব্ৰীজ খন নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিষ্ঠানটো বিভিন্নজনৰ কটাক্ষৰ সন্মুখীন হৈছে।

দেওবাৰে দিনৰ ভাগত  মালিগাঁৱৰ অভাৰ ব্ৰীজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত   থিতাতে নিহত হয় ২ স্কুটী আৰোহী। প্ৰাপ্ত খবৰ অনুসৰি অভাৰ ব্ৰীজৰ কামত ব্যৱহাৰ কৰিবলৈ পেলাই থোৱা বালিত পিছলি পৰে এই স্কুটী আৰোহী। ইয়াৰ পাছতে পিছফালৰ পৰা গৈ থকা চিটি বাছে মহটিয়াই নিয়ে দুয়োকে। চিটি বাছৰ খুন্দাত ঘটনাস্থলীতে নিহত হয় দুই স্কুটী আৰোহী। দুৰ্ঘটনা সংঘটিত হোৱা স্কূটাখন নম্বৰ WB58B- H1338। নিহত দুয়োগৰাকী যুৱকক মৰণোত্তৰ পৰীক্ষা কৰি নিজা বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme