ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনৰ প্ৰচাৰ চলাই থাকোতেই মোবাইল হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মোবাইল হেৰুৱাৰ খবৰ বিয়পি পৰাৰ পাছতে সভাস্থলীত লাগে হুৱা-দুৱা। সকলো দলীয় কৰ্মী মঞ্চৰ প্ৰতিটো প্ৰান্তত মোবাইল বিচৰাত ব্যস্ত হৈ পৰে। দলীয় কৰ্মীসকলৰ প্ৰচেষ্টাত প্ৰায় ১ঘন্টাৰ পিছত বিচাৰি পায় মোবাইলটো।
উল্লেখ কৰা প্ৰয়োজন যে, মাজুলীত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰে আজি আছিল দ্বিতীয় দিন। দলীয় প্ৰাৰ্থী ভুৱন গামৰ হৈ কেইবাখনো সভাত অংশ লৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে।