1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 1:37 pm

মহাৰাষ্ট্ৰৰ মহাভাৰতঃ অজিত পৱাৰ হ’ব মুখ্যমন্ত্ৰী!

  • Update Time : Tuesday, July 25, 2023

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট যেন কেতিয়াও শেষেই নহব। শেহতীয়াকৈ চৰ্চা হৈছে যে, মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰ আসনত বহিব অজিত পৱাৰ। ৰাজনৈতিক মহলত এই চৰ্চা চলাইছে কংগ্ৰেছ নেতা পৃথ্বিৰাজ চৌহানে। কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰিছে যে, এই বৰ্ষতে আগষ্ট মাহত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব অজিত পৱাৰ।

ইফালে কংগ্ৰেছ নেতাগৰাকীৰ এই দাবীক নস্যাত কৰিছে এতিয়াৰ চলিত চৰকাৰখনে। বিজেপি দলৰ পৰা দেবেন্দ্ৰ ফেণ্ডাৱিজে কংগ্ৰেছ নেতাগৰাকীক প্ৰত্যুত্তৰ দি কয় যে, এতিয়া কিছুমান মানুহে চৰকাৰক শলঠেকত পেলাবলৈ না না ভুৱা প্ৰচাৰ কৰি আছে। এনে দাবীৰ কোনো মূল্য আৰু ভিত্তি নাই বুলিও কয় বিজেপিৰ নেতাগৰাকীয়ে।

দেবেন্দ্ৰ ফেণ্ডাৱিজে লগতে কয় যে, একনাথ সিন্ধেই হৈ থাকিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme