1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:42 am

গৃহস্থই এতিয়া কৰে কি! উৰুকাত চাইকেল গৈ উঠিলগৈ গছৰ ওপৰত…

  • Update Time : Monday, January 16, 2023

ডিজিটেল ডেস্কঃ মাঘৰ উৰুকাত সকলোৱে হাঁহি-স্ফূতিৰে পাৰ কৰাৰ লগতে সকলো মিলি একলগে তৃপ্তিৰ এসাঁজ খালে। ইয়াৰোপৰি উৰুকাৰ নিশা পৰম্পৰা ৰক্ষা কৰি বহুজনৰ ঘৰৰ পৰা নাইকিয়া হল জেওৰা, জপনা আৰু বিভিন্ন শাক-পাচলি।  এই আনন্দ-তামাচাৰ মাজতে একাংশই পৰম্পৰাৰ নামত কৰিলে চৰম অসভ্যালি। চাওঁক এই ফটোখন।

No photo description available.

চোৰ কৰিবলৈ গৈ গৃহস্থৰ ঘৰৰ শালত থকা তাঁতখনকে এনেদৰে অনিষ্ট কৰি থৈ আহিল চোৰে। ইতিমধ্যে উক্ত ঘটনাক লৈ তীব্ৰ চৰ্চা চলিছে সামাজিক মাধ্যমত। ইফালে আন একাংশই চোৰ কৰিবলৈ গৈ গৃহস্থৰ চাইকেলকে উঠাই থৈ আহিল গছৰ ওপৰত। চাওঁক এই ফটোখন-

এনেদৰেই উৰুকাৰ নিশা আনন্দ-স্ফুতিৰ মাজতে একাংশৰ কাৰ্যই বাৰুকৈয়ে জ্বলা-কলা খাইছে গৃহস্থই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme