1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:52 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কাষত নাই , আইলৈ মনত পৰে…

  • Update Time : Thursday, December 29, 2022

ডিজিটেল ডেস্কঃ আইৰ সমান হব কোন, নৈৰ সমান বব কোন। জন্মদিনৰ এদিনৰ পাছতে মাতৃক মনত পেলাই আৱেগিক হৈ পৰিল অসম জাতীয় পৰিষদৰ সভাপতি তথা যুৱ নেতা লুৰীণজ্যোতি গগৈ। ওপজা দিনৰ এদিনৰ পাছতে স্বৰ্গীয় মাতৃক স্মৰণ কৰি লুৰীণজ্যোতিয়ে নিজা ফেচবুক পেজত লিখিলে এনেদৰে-

পৃথিৱীৰ আটাইতকৈ নিঃস্বাৰ্থ আৰু পবিত্ৰ সম্পৰ্কটিয়েই হৈছে মাতৃ-পুত্ৰৰ সম্পৰ্ক। কালিৰ দিনটোত আইৰ অনুপস্থিতিক বাৰুকৈয়ে অনুভৱ কৰিছোঁ৷ তেখেত যদিও কায়িকভাৱে আমাৰ মাজত নাই, তথাপি মই প্ৰতিপল-প্ৰতিনিয়ত আইৰ সত্তাক নিজৰ মাজত কঢ়িয়াই লৈ ফুৰোঁ৷ আইৰ আদৰ্শ আৰু তেখেতে দেখুৱাই যোৱা বাটেৰেই এখুজি-দুখুজিকৈ বাট বুলি আহিছোঁ৷
আইৰ অনুপস্থিতিয়ে আনি দিয়া নুবুজা শূন্যতাৰ মাজতো আমাৰ মনটোক কাহানিও এন্ধাৰ হ’বলৈ দিয়া নাই শ্ৰদ্ধাৰ অসমবাসীৰ মৰম-চেনেহ আৰু আন্তৰিকতাই৷ নিভাঁজ মৰমৰ আৱেশেৰে প্ৰতিটো পল আমাৰ মনাকাশ উজলাই ৰাখিছে আপোনালোকে৷
কালি ওপজা দিনটোক বিশেষভাৱে সমৃদ্ধ কৰি তুলিলে আপোনালোকে৷ এই শুভেচ্ছা আৰু আশীৰ্বাদৰ ওচৰত চিৰঋণী হৈ থাকিম৷ আমাৰ প্ৰতিগৰাকী শুভাকাংক্ষীলৈ হৃদয় নিভৃতৰ পৰা গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ আপোনালোকৰ আশিস, স্নেহ আৰু আন্তৰিকতাই উদ্বুদ্ধ কৰি ৰাখিছে৷ আগতো দিনতো আপোনালোকৰ মাজত থাকিয়েই অসমৰ জাতীয় জীৱনৰ হৈ আপোচবিহীনভাৱে কাম কৰি যাবলৈ আমি অংগীকাৰবদ্ধ।
উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৮ডিচেম্বৰত আজি লুৰীণজ্যোতি গগৈৰ ওপজা দিন।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme