ডিজিটেল ডেস্কঃ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃয়ে ইহলীলা সম্বৰণ কৰা প্ৰায়ে এটা বছৰে হল। কিন্তু মাজুলীত আকৌ এগৰাকী মাতৃক বিচাৰি পালে লুৰীণজ্যোতিয়ে। কেইদিনমানৰ আগেয়ে ফেচবুকত ভাইৰেল হৈছিল মাজুলীৰ এগৰাকী মহিলাৰ ভিডিঅ। এই ভিডিঅটোত লুৰীণজ্যোতিৰ পোষ্টাৰ আগত লৈ তেওঁক বহুত ভাল পোৱাৰ কথা ব্যক্ত কৰিছিল মহিলাগৰাকীয়ে।
দেওবাৰে সেই মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল লুৰীণজ্যোতি গগৈ। উপস্থিত হোৱাৰ পাছতে মানুহগৰাকীয়ে মৰমেৰে উপচাই পেলালে লুৰীণজ্যোতি গগৈক। লগতে তেওঁ গগৈক কলে- ‘‘তোমাৰ মা নাই, আজিৰে পৰা ময়েই তোমাৰ মা৷ মোক মা বুলি মাতিবা” ৷ মানুহগৰাকীৰ এই কথাষাৰ শুনাৰ লগতে শোকত ভাগি পৰিল লুৰীণজ্যোতি গগৈ। মানুহগৰাকীক সাৱটি আৱেগিক হৈ পৰিল লুৰীণজ্যোতি গগৈ।
মানুহগৰাকীয়ে লগতে গগৈক কয়- কালি ভাওনা চাবলৈ যাওতে তোমাৰ ওচৰলৈ যাম বুলি যাব নোৱাৰি তোমাৰ গাড়ীখনকে চুই থাকিলো। উল্লেখ কৰা প্ৰয়োজন যে, মানুহগৰাকীৰ নাম চুনু দাস৷ ঘৰ মাজুলীৰ দক্ষিণ কমলাবাৰীৰ আলিমুৰত৷